গুৱাহাটী,৪ ডিচেম্বৰ:চমকপ্ৰদ প্ৰদৰ্শনেৰে ২০২২ বৰ্ষৰ অন্ত পেলালে ভাৰতীয় শুটাৰ ৰুদ্ৰাংক্ষ পাটিলে। পদক জয়ৰ ধাৰাবাহিকতা ৰক্ষা কৰি ৰুদ্রাংক্ষে আন্তঃৰাষ্ট্ৰীয় শ্বুটিং ক্রীড়া ফেডাৰেশ্যনৰ প্ৰেছিডেঞ্চী কাপৰ খিতাপ দখল কৰে। ইজিপ্তৰ কায়ৰোত অনুষ্ঠিত সন্মানীয় প্রতিযোগিতাখনত ১০ মিটাৰ ৰাইফলৰ প্লে' অফত ৰুদ্ৰাংক্ষে ইটালিৰ ডানিলো ছ’লাজ্জ’ক ১৬-৮ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি ইতিহাসৰ সোণালী পৃষ্ঠাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়।
ভাৰতীয় ক্রীড়া প্ৰাধিকৰণেও ৰুদ্ৰাংক্ষক অভিনন্দন জনাইছে। উল্লেখ্য যে অক্টোবৰ মাহত সমাপ্ত হোৱা আই এছ এছ এফ ৰাইফল- পিষ্টল ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২২ ত ১৮ বছৰীয়া ৰুদ্ৰাংক্ষ পাটিলে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক লাভ কৰি ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ বাবে দেশৰ প্ৰথমটো কোটা নিশ্চিত কৰিছিল। অলিম্পিকৰ স্বৰ্ণপদক বিজয়ী অভিনৱ বিন্দ্ৰা, তেজস্বিনী সাৱন্ত, মানৱজিৎ সিং সন্দু, ওম প্রকাশ মিথাৰৱাল আৰু অংকুৰ মিট্রালৰ পিছত ভাৰতীয় শ্বুটিং বিশ্ব চেম্পিয়নত স্বর্ণপদক জয় কৰা মাত্ৰ ষষ্ঠজন শ্বুটাৰ হৈছে যুৱ ৰুদ্ৰাংক্ষ। প্রণিধানযোগ্য যে সকলো মহাদেশৰ ৪৩ খন আই এছ এছ এফৰ সদস্য ফেডাৰেশ্যনক প্রতিনিধিত্ব কৰা এই প্রতিযোগিতাখনত ৪২ খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ২০২২ চনৰ বিশ্ব ৰেংকিং অনুসৰি ব্যক্তিগত অলিম্পিক ইভেণ্টত এই সকলোৱেই শীর্ষ ১২ ৰ ভিতৰত স্থান লাভ কৰিছে।
Comments