গুৱাহাটী,৪ ডিচেম্বৰ:অসামাজিক উপাদানৰ সৈতে মোকাবিলা কৰাৰ লগতে দেশৰ আইন-শৃংখলা বজাই ৰখাৰ সমান্তৰালকৈ চি আৰ পি এফে জনসেৱাৰ কাম-কাজতো নিজৰ কৰ্তব্য ভালদৰে পালন কৰি আহিছে। এই ক্ৰমত নতুন দিল্লীৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি ১৭৫ নং কৰ্পছে কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ শিবিৰ চৌহদত ১ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ স্বচ্ছতা পষেকৰ আয়োজন কৰিছে।
ৰাণী ঔদ্যোগিক এলেকাৰ ১৭৫ নং কৰ্পছৰ মুখ্য কাৰ্যালয়ত ১৭৫ নং কৰ্পছৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত ১ ডিচেম্বৰত এই কাৰ্যসূচী উদ্বোধন কৰা হয়। এই উপলক্ষে সকলো বিষয়া-জোৱানে শপত গ্রহণ কৰে। এই পৰিপ্ৰেক্ষিতত ১৭৫ নং কপছৰ কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই বিষয়া আৰু জোৱানসকলক সম্বোধন কৰি কয়—সকলোৱে নিজৰ শৰীৰ পৰিষ্কাৰ কৰি ৰখাৰ লগতে নিজৰ পৰিয়াল, গাঁও, স্থানীয়তা, সমাজত পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ সন্দৰ্ভত ব্যক্তিগত পৰিৱৰ্তন কৰাটো প্রয়োজন। এই কাৰ্যসূচীয়ে সমাজ আৰু পৰিৱেশক পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰখাত ফলপ্রসূ হ'ব।
Comments