গুৱাহাটী,৪ ডিচেম্বৰ:নগাঁও জিলাৰ আমবাগানত অনুষ্ঠিত সভাত অংশগ্রহণ কৰি শিক্ষামন্ত্রীয়ে আগবঢ়োৱা মন্তব্যৰ পিছতে বিশেষ টেট প্রত্যাশীসকলৰ আশাত চেঁচা পানী পৰিল। আমবাগান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ হীৰক জয়ন্তী অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে অংশ লৈ কয় যে—ৰাজ্যৰ টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি নহয়। ডিএলইডি, টেট আৰু উচ্চতৰ মাধ্যমিকত যিসকলৰ ৫০ শতাংশ নম্বৰ আছে তেওঁলোকে শিক্ষকৰ স্বীকৃতি পাইছে।
ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীয়ে ডিব্ৰুগড়ৰ ৰেগিং কাণ্ড সম্পর্কে প্রতিক্রিয়া প্রকাশ কৰি কয় যে – ৰেগিং এটা পুৰণি বেমাৰ। ইয়াক বিদ্যালয় - মহাবিদ্যালয়ৰ পৰা নিৰ্মূল কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগিব। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অসম সৰ্বশিক্ষা মিছনৰ অন্তৰ্গতভাবে সেৱা আগবঢ়াই অহা শিক্ষকসকলৰ বাবে বিশেষ টেটৰ দাবী উত্থাপন হৈ আহিছিল। আমবাগানত শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, এতিয়াৰে পৰা বিশেষ টেট অনুষ্ঠিত নহয়, পুনৰ টেট সকলোৰে বাবে অনুষ্ঠিত হ'ব। বিদ্যালয়খনত অনুষ্ঠিত হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁৱৰ বহু বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Comments