মৰিগাঁও,৪ ডিচেম্বৰঃ উন্নত চিকিৎসা ব্যৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি জ্বালা যন্ত্ৰনা ভোগ কৰি অহা মৰিগাঁও জিলাবাসীয়ে অৱশেষত লাভ কৰিব এখন উন্নত মানদণ্ডৰ চিকিৎসা মহাবিদ্যালয়।বান গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত কৃষি প্ৰধান জিলাখনৰ জনসাধাৰণ অহা ৮ ডিচেম্বৰত এক ঐতিহাসিক দিনৰ সাক্ষী হৈ ৰ'ব। সেই ঐতিহাসিক দিনটোত জিলাবাসীক সাক্ষী কৰি মৰিগাঁও বঘৰাত মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰ শিলা স্থাপন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ উন্নয়নৰ বাবে সেই দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে ৯১০ কোটি টকাৰে ১১ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।
৮ ডিচেম্বৰত ভূমি পূজনেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিবলগীয়া বঘৰা চিকিৎসা মহাবিদ্যালয়স্থলীত চলিছে পূৰ্ণ ব্যস্ততাময় পৰিবেশ। সেই উদ্দেশ্যেই আজি মৰিগাঁও বঘৰাত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণস্থলীৰ বুজ লবলৈ উপস্থিত হয়হি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত। আধাৰশিলা স্থাপন অনুষ্ঠানত কেইবাহাজাৰ লোকক উপস্থিত কৰোৱাৰ পৰিকল্পনা চলাই আছে স্থানীয় মন্ত্ৰী পিয়ুষ হাজৰিকাই। ইপিনে চিকিৎসা মহাবিদ্যালয় খনক লৈ যথেষ্ট উৎফুল্লিত স্থানীয় বঘৰা ৰাইজকে ধৰি মৰিগাঁও জিলাবাসী। মৰিগাঁও চিকিৎসা মহাবিদ্যালয়স্থলীৰ বুজ লৈ মন্ত্ৰী কেশৱ মহন্তই কয় অহা ৮ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁওবাসীৰ কাৰণে ৯১০ কোটি টকাৰ ১১ টা প্ৰকল্পৰ ইয়াত আধাৰশিলা স্থাপন কৰিব।
ইয়াৰ ভিতৰত বৃহৎ প্ৰকল্পটোৱেই হৈছে মৰিগাঁও চিকিৎসা মহাবিদ্যালয়। ইয়াৰ উপৰি ২ খনকৈ ষ্টেডিয়াম আছে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় মৰিগাঁও গোটেই অঞ্চলটোৱেই যিহেতু বানপীড়িত,সেয়ে ৬ টাকৈ জলসম্পদ বিভাগৰ আঁচনিও আছে। পলিটেকনিক আৰু আই টি আই খনকো উন্নত কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী আৰু চিকিৎসা মহাবিদ্যালয় খনৰ কাম আৱন্টন লাভ কৰা ঠিকাদাৰ সকলৰ লগত প্ৰাক কলনৰ উপৰি সকলো দিশৰ ওপৰত আলোকপাত কৰে৷
Comments