গুৱাহাটী, ৫ ডিচেম্বৰঃ কঠোৰ পৰিশ্ৰমৰ ধন আটাইতকৈ পৱিত্ৰ। যদি কোনোবাই বছৰি এক কোটি টকাৰ দৰমহাৰ পেকেজ পায় আৰু কাৰ্যালয়ত কোনো কাম কৰিব নালাগে, তেন্তে হয়টো বেছিভাগে আচৰিত হ'ব। ঠিক এনে এক ঘটনা, আইৰিছ ৰেল বিভাগৰ বিত্ত প্ৰৱন্ধক ডাৰ্মট এলিষ্টেয়াৰ মিলছৰ সৈতে হৈছে, য'ত তেওঁক কাম নকৰাকৈ দৰমহা পৰিশোধ কৰাটো পছন্দ কৰা নাই। সেয়ে তেওঁ কাম কৰিব বিচাৰে বছৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে। মিলছে আদালতত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিছে। তেওঁ অভিযোগ কৰি কৈছে যে, "মোক কাৰ্যালয়ত খুব কমকৈ কাম কৰিব দিয়া হয় কাৰণ মই ৰেল একাউণ্ট সম্পৰ্কীয় কিছুমান বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিলো।"
"মই ২০১৪ চনত ৰেল অপাৰেটৰৰ সৈতে সম্পৰ্কিত কিছুমান একাউণ্টৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিলো, যাৰ পিছত মোৰ কাম কৰ্তন কৰা হৈছে। মই বেছিভাগ সময় অফিচত বাতৰি কাকত পঢ়ি, দীঘলীয়া খময় খোজ কাঢ়ি আৰু চেণ্ডউইচ খাই অতিবাহিত কৰো। মই মাহিলী ৮ লাখ টকা দৰমহা পাও আৰু মোৰ বাৰ্ষিক পেকেজ প্ৰায় ১ কোটি টকা। মই একো কাম নকৰাকৈ এনেদৰে ইমান দৰমহা ল'ব নিবিচাৰো।"
Comments