Cartoon
View Older
গুৱাহাটী, ৫ ডিচেম্বৰঃ ২৩ বছৰীয়া ফৰাচী ফুটবলাৰ কেলিয়ান এমবাপেয়ে চলিত ফিফা বিশ্বকাপ ২০২২ৰ দেওবাৰে অনুষ্ঠিত ৰাউণ্ড অফ ১৬ খেলত পোলেণ্ডৰ বিৰুদ্ধে ২ টা গ'ল কৰি ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ পেলেৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এমবাপে বৰ্তমান ফিফা বিশ্বকাপৰ ২৪ বছৰৰ তলৰ সৰ্বাধিক গ'ল দিয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
পেৰিছ ছেইণ্ট জাৰ্মেইন তাৰকাগৰাকীৰ এতিয়ালৈ ৯ টা গ'ল কৰিছে, যি ফিফা বিশ্বকাপত সৰ্বাধিক। ২০১৮ চনৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে এতিয়া ডিয়েগো মাৰাডোনা, লিঅনেল মেছি, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু পেলেৰ দৰে খেলুৱৈসকলক অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
Comments