গুৱাহাটী, ৫ ডিচেম্বৰঃ বিদ্যালয় পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ক বাস্তৱ ৰূপ দিবলৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক সুসজ্জিত কৰিবলৈ ইউএছটিএমে বিভিন্ন অংশীদাৰ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সহয়োগত "এন ই পি ২০২০: এ গেম চেঞ্জাৰ ফৰ স্কুল এডুকেশ্যন" শীৰ্ষক এখন আঞ্চলিক কৰ্মশালা অনুষ্ঠিত কৰে। ৰবিবাৰে অনুষ্ঠিত এই কৰ্মশালাত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ১৫০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে যোগদান কৰে। লগতে উক্ত কৰ্মশালাত এনচিইআৰটি, চিবিএছই, ছেবা আৰু এছচিইআৰটিৰ বিশেষজ্ঞসকলে এনইপি আৰু বিদ্যালয় শিক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰে।
কৰ্মশালাত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক উদ্দেশ্যি আদৰণি ভাষণত এনচিইআৰটিৰ প্ৰাক্তন সঞ্চালক অধ্যাপক বি কে ত্ৰিপাঠীয়ে কয় যে, "আমি শিক্ষকসকলক শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ কেনেদৰে যত্ন ল'ব লাগে, তাৰ ওপপত প্ৰশিক্ষণ দিব লাগিব, যাতে শিক্ষাৰ অৱস্থা আৰু ফলাফল সন্তুলিত হয়। এনইপিয়ে আমাক সকলোকে আহ্বান জনাইছে যে শিশুৱে নিজক বিচাৰি পোৱাৰ পৰা পৰিয়াল আৰু সমাজলৈ আৰু তাৰ পাছত প্ৰকৃতি আৰু বিশ্বৰ সৈতে কেনেদৰে আগবাঢ়ে, তাৰ অগ্ৰগতি আৰু সমন্বয়ই হৈছে এনইপিৰ প্ৰকৃত ৰূপায়ণ।"
ইপিনে, অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এনচিইআৰটিৰ সঞ্চালক তথা এনচিটিই, নতুন দিল্লীৰ অধ্যক্ষ অধ্যাপক দীনেশ প্ৰসাদ সাকলানীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি কয় যে, "অসম মাধ্যমিক শিক্ষা ব'ৰ্ডৰ অধ্যক্ষ, আই এ এছ (অৱসৰপ্ৰাপ্ত) ৰমেশ চন্দ্র জৈনে "ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০"ৰ ব্যৱহাৰিক ৰূপত অনুবাদৰ ওপৰত বক্তব্য আগবঢ়ায় বিদ্যালয়সমূহৰ প্ৰস্তুতি।"
আনহাতে, উক্ত কৰ্মশালাত ইউ এছ টি এমৰ আচাৰ্য মহব্বুল হকে কয়, "এই ধৰণৰ কৰ্মশালা বিভিন্ন স্থানত নিয়মীয়াকৈ চলি থাকিব, আৰু বিশেষজ্ঞসকলক এনেধৰণৰ অধিৱেশন পৰিচালনা কৰিবলৈ আমন্ত্ৰণ জনোৱা হ'ব।"
Comments