Cartoon
View Older
গুৱাহাটী, ৫ ডিচেম্বৰঃ শেহতীয়াকৈ ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড ৰাহুল ছেত্ৰীয়ে সোমবাৰে পুৱা তিনিচুকীয়াৰ লেখাপানী থানাত আত্মসমৰ্পণ কৰে। ছাত্র মুক্তি সংগ্রাম সমিতিৰ নেতা ৰাহুলক বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু আজি আদালতত হাজিৰ কৰাব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, ৰাহুল ছেত্ৰী চলোৱা ৰেগিঙৰ বাবে আনন্দ শৰ্মা নামৰ হোষ্টেলৰ আৱাসী তথা ছাত্ৰগৰাকী চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হ'ব লগা হৈছিল। অভিযুক্ত ৰাহুলে বিগত ২৮ নৱেম্বৰ ২০২২ তাৰিখৰ পৰা পলাতক অৱস্থাত আছিল।
Comments