গুৱাহাটী, ৫ ডিচেম্বৰঃ শৰীৰত কলেষ্টেৰলৰ স্তৰ বেছি হ'লে ই বহুতো গুৰুতৰ ৰোগৰ কাৰণ হৈ পৰে। বৰ্তমানৰ অস্বাস্থ্যকৰ আহাৰ আৰু জীৱনশৈলী ইয়াৰ আঁৰৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয়।
• ৰক্তনলিকাৰ কলেষ্টেৰলৰ পৰা পৰিত্ৰাণ পাবলৈ খাব লগা ৫ বিধ স্বাস্থ্যকৰ ৰসঃ
~ বিলাহীৰ ৰস
বিলাহীত লাইকোপেন নামৰ পুষ্টি পোৱা যায়, যি শৰীৰত লিপিডৰ স্তৰ উন্নত কৰে। বিলাহীৰ ৰসত কলেষ্টেৰল হ্ৰাস কৰা আঁহ আৰু নিয়াচিন থাকে, সেয়েহে দৈনিক এগিলাচকৈ ইয়াৰ ৰস খাব লাগে।
~ বেৰী ৰস
বেৰী ৰসত এণ্টিঅক্সিডেণ্ট আৰু আঁহ পোৱা যায়, যি কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে, এই পানীয় স্বাস্থ্যকৰ আৰু খোৱাৰ বাবে সুস্বাদু।
~ ওটচ ড্ৰিংক
ওটচ হৈছে এক স্বাস্থ্যকৰ আহাৰ য'ত বিটা গ্লুকেন পোৱা যায় যি শৰীৰত কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰে। সেইকাৰণে দৈনিক ওটচ ড্ৰিংক খাব লাগে।
~ গ্ৰীণ টি
গ্ৰীণ টিত কেটচিন আৰু অন্যান্য এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায়, যি অস্বাস্থ্যকৰ কলেষ্টেৰল হ্ৰাস কৰাত কাৰ্যকৰী।
~ চয়া গাখীৰ
চয়া গাখীৰৰ জৰিয়তে মানুহে অবাঞ্ছিত কলেষ্টেৰল হ্ৰাস কৰিব পাৰে আৰু ই হৃদৰোগৰ আশংকাও হ্ৰাস কৰে। প্ৰতিদিনে কমেও ২৫ গ্ৰাম চয়া গাখীৰ খাব লাগে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments