গুৱাহাটী,৫ ডিচেম্বৰ : আজি অনুষ্ঠিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৷ পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ গুজৰাট বিধানসভাৰ ১৪ খন জিলাৰ মুঠ ৯৩ টা সমষ্টিত অনুষ্ঠিত হৈছে এই ভোটগ্ৰহণ ।
পুৱা ৯ বজাত আহমেদাবাদ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ উল্লেখ্য যে, গুজৰাট বিধানসভাৰ মুঠ ১৮২ টা সমষ্টিৰ ভিতৰত ৮৯ টা সমষ্টিত ইতিমধ্যেই ১ ডিচেম্বৰত অনুষ্ঠিত হৈ গৈছে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ আনহাতে ৮ ডিচেম্বৰ হ’ব গুজৰাট বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷
আজি ভোট গ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টি কেইটাৰ ভিতৰতে আছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰো নিজা সমষ্টি ৷ যাৰ বাবে অতি তাৎপৰ্যপূৰ্ণ হৈ পৰিছে গুজৰাটৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ ৬১ টা ৰাজনৈতিক দলৰ ৮৩৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৷ ইয়াৰ ভিতৰত আছে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল ৷ কিন্তু এইবাৰ গুজৰাটৰ শাসনভাৰ কাৰ হাতলৈ যাব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ হৈ আছে দেশবাসীৰ ৷
Comments