গুৱাহাটী,৫ ডিচেম্বৰ:কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত দেওবাৰে কমলপুৰ চৰকাৰী মজলীয়া বিদ্যালয় প্ৰাংগণত উদ্দীপনা নামেৰে অনুষ্ঠিত এক অনুষ্ঠানত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৩৫০০ শিক্ষাৰ্থীক কিতাপ প্ৰদান কৰি শুভেচ্ছা প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ড৹ ননী গোপাল মহন্ত, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়া উপস্থিত থাকে । অনুষ্ঠানৰ প্ৰাকমুহুৰ্তত দাপোন নামৰ গ্ৰন্থ এখনো উন্মোচন কৰা হয় ।
আনহাতে সাংসদ দিলীপ শইকীয়াই এআইইউডিএফৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলৰ হিন্দু মহিলাৰ প্ৰতি কৰা অশালীন মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বদৰুদ্দিন আজমলৰ এআইইউডিএফৰ সভাপতিৰ মৌলনা বদৰুদ্দিন আজমলে নিজৰ নামৰ আগত মৌলনা শব্দটো ব্যৱহাৰ কৰাৰ যোগ্যতা হেৰুৱাই পেলাইছে ৷ তেওঁৰ নামৰ আগত থকা মৌলানা শব্দটো কাটি পেলাব লাগে কাৰণ মৌলানাৰ চৰিত্ৰক বদৰুদ্দিন আজমলে কলংকিত কৰিছে ৷
Comments