Cartoon
View Older
গুৱাহাটী,৫ ডিচেম্বৰ:সোমবাৰে বিবাহৰ দিন ধাৰ্য কৰা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান ছোতুসিংহ বাঘেলাই বিবাহস্থলীলৈ যোৱাৰ পূৰ্বে ভোটদানৰ বাবে থাৰাদ সমষ্টিৰ দুভা গাঁৱৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়।
স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বাঘেলাই কয়, ‘মই পশ্চিম বংগত চাকৰি কৰি আছোঁ । যদিও মই বৰ্তমান ছুটীত আছো, কিয়নো আজি মোৰ বিবাহৰ কথা । কিন্তু বিয়াৰ শোভাযাত্ৰা আৰম্ভ হোৱাৰ আগতেই মই আৰু মোৰ পৰিয়ালৰ লোকে ভোট দিয়াৰ সিদ্ধান্ত লৈছিলো। মই অনুভৱ কৰোঁ যে যিহেতু মই দেশৰ সীমান্ত সুৰক্ষিত কৰি আছো,সেইবাবে গণতন্ত্ৰক ৰক্ষা কৰাটো মোৰ অন্যতম কৰ্তব্য আৰু সেয়েহে মই ভোটদানক অগ্ৰাধিকাৰ দিলোঁ।”
Comments