Cartoon
View Older
গুৱাহাটী,৫ ডিচেম্বৰ:ভাৰতীয় নৌসেনাৰ প্ৰথমখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্ট (এ এছ ডব্লিউ ডব্লিউ চি) ১৬ ডিচেম্বৰত মুকলি কৰা হ’ব । এই জাহাজ খন নিৰ্মান কৰিছে গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেডে । ৭৭.৬ মিটাৰ দীঘল আৰু ১০.৫ মিটাৰ বহল এই জাহাজখনে ভাৰতৰ উপকূলৰ ওচৰত আত্মগোপন কৰি থকা শত্ৰুৰ ছাবমেৰিনক নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হ’ব ।
নৌসেনাই এনে ১৬খন জাহাজ নিৰ্মান কৰাৰ বাবে নিৰ্দেশ দিছে । জি আৰ এছ ইয়ে আঠখন নিৰ্মাণ কৰি থকাৰ বিপৰীতে বাকীকেইখন কোচিন শ্বিপয়াৰ্ড লিমিটেডত নিৰ্মাণৰ কাম চলি আছে। বিগত সময়ছোৱাত জি আৰ এছ ইয়ে প্ৰজেক্ট-২৮ৰ অধীনত নৌসেনাক চাৰিখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ ক'ৰ্ভেট যোগান ধৰিছে। এই জাহাজসমূহ আছিল ভাৰতীয় নৌসেনাত যোগদান কৰা প্ৰথমখন এ এছ ডব্লিউ ক'ৰ্ভেট ।
Comments