Cartoon
View Older
গুৱাহাটী,৫ ডিচেম্বৰ:ভাৰতক অগাধ ভালপোৱা ঔপন্যাসিক তথা ফৰাচী লেখক ডমিনিক লেপিয়েৰৰ মৃত্যু হৈছে । বাৰ্ধক্যজনিত কাৰণত ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয় ।
১৯৩১ চনৰ ৩০ জুলাইত চেটেইলনত জন্মগ্ৰহণ কৰা লেপিয়েৰে আমেৰিকাৰ লেখক লেৰী কলিন্সৰ সহযোগত লিখা ছখন কিতাপৰ প্ৰায় ৫ কোটি কপি বিক্ৰী হৈছিল । ইয়াৰে ভিতৰত আটাইতকৈ বিখ্যাত কিতাপখন হৈছে "ইজ পেৰিছ বাৰ্নিং?" । ১৯৬৫ চনত প্ৰকাশিত এই কিতাপখনত ১৯৪৪ চনৰ আগষ্ট মাহৰ আগৰ ফ্ৰান্সৰ পৰিঘটনাসমূহ লিখা হৈছিল । তদুপৰি তেখেতে ভাৰতৰ পটভূমিত লিখা 'ফ্ৰিডম এট মিডনাইট' আৰু 'চিটি অফ জয়' অন্যতম ।
Comments