ধেমাজি , ৫ ডিচেম্বৰ: সৰ্বদিশতে অৱহেলিত হৈ ধেমাজি জিলাখনে অৱশেষত উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হৈছে ৷ বান - গৰাখহনীয়াকে ধৰি বিভিন্ন সমস্যাত জৰ্জৰিত কৃষি প্ৰধান জিলাখনৰ ৰাইজৰ বাবে অহা ১৭ ডিচেম্বৰত এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব । ১৭ ডিচেম্বৰত ধেমাজি জিলাবাসীক সাক্ষী কৰি প্ৰায় ৬০০ কোটি টকাৰ ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ আধাৰ শিলা স্থাপন কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীয়ে অসম মালাৰ অধীনত ধেমাজি তেলিজানৰ পৰা ঢকুৱাখনা হৈ মাজুলীলৈ ১৪৬ কোটি টকা , ষ্টেডিয়াম নিৰ্মাণ বাবে ৫০ কোটি টকা , আই টি আইৰ বাবে ৫০ কোটি টকা , চিমেন চাপৰিৰ পলিটেকনিক কলেজৰ বাবে ৫০ কোটি টকাৰ পাঁচটা বৃহৎ প্ৰকল্পৰ ভূমি পূজন আৰু আধাৰশিলা স্হাপন কৰিব ৷ ১৭ ডিচেম্বৰত ভূমি পূজনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰিব লগীয়া ধেমাজি চিকিৎসা মহাবিদ্যালয় স্থলীত চলিছে পূৰ্ণ ব্যস্ততাময় পৰিবেশ।
সেই উদ্দেশ্যে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে ধেমাজিত উপস্থিত হৈ কামৰ অগ্ৰগতি বুজ লোৱাৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ এক আলোচনাত মিলিত হয় ৷ আধাৰশিলা স্থাপন অনুষ্ঠানত কেইবাহাজাৰ লোকক উপস্থিত কৰোৱাৰ পৰিকল্পনা চলাই আছে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু , সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে ৷
ইপিনে চিকিৎসা মহাবিদ্যালয়খনক লৈ যথেষ্ট উৎফুল্লিত জিলাবাসী। আধাৰশিলা স্থাপন অনুষ্ঠানৰ প্ৰস্তুতিৰ বাবে অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে প্ৰস্তাৱিত প্ৰকল্পৰ স্থান সমূহ পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লৈ সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী গৰাকীয়ে ১৭ ডিচেম্বৰটো ধেমাজি জিলাবাসীৰ বাবে এক সু - খবৰ ৷ এই দিনটোতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাবাসীক এহেজাৰ কোটি টকাৰ উপহাৰ দিব ৷
ধেমাজি জিলাবাসীৰ সপোন ধেমাজি চিকিৎসা মহাবিদ্যালয়খনে এক নতুন মাএ প্ৰদান কৰাৰ লগতে নতুনকৈ আধাৰশিলা স্থাপন কৰিবলগীয়া ধেমাজি ষ্টেডিয়ামখনেও এক নতুনত্ব প্ৰদান কৰিব ৷ যিহেতু ইয়াৰ বহু সংখ্যক প্ৰতিভাৱন খেলুৱৈয়ে অসমৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰে ৷
Comments