ডিব্ৰুগড়, ৫ ডিচেম্বৰ: ৰাহুল ছেত্ৰীয়ে সোমবাৰে পুৱা লেখাপানী আৰক্ষী চকীত আত্মসমৰ্পণ কৰা পিছত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আত্মসমৰ্পণ কৰি আত্মপক্ষ সমৰ্থনত লিখিতভাৱে মন্তব্য কৰাৰ লগতে নিজকে দোষমুক্ত বুলি ঘোষণা কৰিলেও ইয়াৰ পাছতেই ভয়ংকৰ ৰেগিংকাণ্ডৰ বলি হোৱা আনন্দ শৰ্মাই হস্পিতালৰ বিছনাৰ পৰাই বিস্ফোৰক মন্তব্য কৰিলে ।
ৰাহুল ছেত্ৰীয়ে প্ৰথমেই প্ৰহাৰ কৰিছিল বুলি মন্তব্য কৰিলে ভুক্তভোগী শৰ্মাই। লক্ষণীয় বিষয়টো হ'ল যে, অসহনীয় ৰেগিঙৰ ভুক্তভোগী হৈ ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাই প্ৰাণ ৰক্ষাৰ বাবে জপিয়াই দিছিল হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা ৷ ইয়াৰ পাছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰজন৷
উক্ত ঘটনাৰ পাছতে ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক ৰাহুল ছেত্ৰী এই ঘটনাৰ মূল অভিযুক্ত হিচাবে বিবেচিত হৈছিল। কিন্তু এই ঘটনাৰ লগত জড়িত ৭জন ছাত্ৰক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে যদিও ৰাহুল ছেত্ৰীৰ কোনো ধৰণৰ সন্ধান বিচাৰি উলিয়াব পৰা নাছিল।
সোমবাৰে ৰাহুল ছেত্ৰীয়ে লেখাপানী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে নিজকে এই ঘটনাৰ লগত জড়িত নহয় বুলি ক'বলৈ চেষ্টা কৰিছে । কিন্তু ৰাহুল ছেত্ৰী আৰক্ষীৰ জালত পৰাৰ পাছতে আনন্দ শৰ্মাই চিকিৎসালয়ৰ বিচনাৰ পৰাই ক'লে মোক প্ৰথমে প্ৰহাৰ কৰিছিল ৰাহুল ছেত্ৰীয়ে ।
Comments