তিনিচুকীয়া: ৫ ডিচেম্বৰ: তিনিচুকীয়া জিলা উন্নয়ন আয়োগৰ চলিত মাহৰ বৈঠক আজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত নৰসিং পৱাৰৰ সঞ্চালনাত অনুষ্ঠিত উন্নয়ন আয়োগৰ বৈঠকত পঞ্চায়ত ও গ্ৰামোন্নয়ন, বন, কৃষি, পশুপালন, মীন, স্বাস্থ্য, শিক্ষা, পৰিবহণ, লোকনিৰ্মাণ পথ, লোকনিৰ্মাণ গৃহ, জলসম্পদ, জলসিঞ্চন আদি জিলাখনৰ সকলো উন্নয়নী বিভাগৰ বিষয়া আৰু প্ৰতিনিধিসকল উপস্থিত থাকে। জিলা উপায়ুক্তই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, অমৃত সৰোবৰ আচঁনিৰ অগ্ৰগতিৰ লগতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণৰ অগ্ৰগতিৰো বুজ লয়।
প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোগ্য প্ৰতিগৰাকী হিতাধীকাৰিয়েই যাতে সময়মতে গৃহ লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। পি.এম.এ.ৱাই গ্ৰামীনৰ অধীনত ৰূপায়ন হৈ থকা গৃহ নিৰ্মানৰ কামত কোনো ধৰণৰ গাফিলতি হলে কঠোৰ আইনী ব্যৱস্থা লবলৈ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা উপায়ুক্ত নৰসিং পৱাৰে প্ৰতিটো উন্নয়নী বিভাগৰ মুৰব্বী বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনোধৰণৰ বেমেজালি নোহোৱাকৈ আচঁনিসমূহৰ কাম সম্পন্ন কৰিবলৈ আহ্বান জনায়।
বৈঠকত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমান্বয়ে দিপু কুমাৰ ডেকা, পলাশ ৰাজকুমাৰ আহোম, সুশান্ত দত্ত, চৰফ্ৰাজ হক, মনজিৎ বৰকাকতী, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী প্ৰমুখ্যে জিলাখনৰ কেউটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল।
Comments