তিনিচুকীয়া: ৫ ডিচেম্বৰ: মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয় আজি বৰগুৰিত মুকলি কৰা হয়। তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয় সমীপত মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ এই কাৰ্যালয় মুকলি কৰা হয়। কাৰ্যালয় মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মৰ্য্যদা প্ৰাপ্ত বিধায়ক বলীন চেতিয়াই। কাৰ্যালয় মুকলি কৰি বিধায়ক বলীন চেতিয়াই মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা স্ব-জাতিৰ সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত এক নিৰ্নায়ক ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে৷
মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা মৰাণ সকলৰ উন্নয়ন হোৱাৰ লগতে চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব দিব বুলিও তেখেতে সদৰী কৰে। কাৰ্যালয় ফিটা কটাৰ পিছতে মাংগলিক অনুষ্ঠান হয়। কাৰ্যলয় মুকলি অনুষ্ঠানত মুখ্য কাৰ্যবাহী পাৰিষদ ( চি ই এম) দ্বীপন মৰান, অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ, উপ মুখ্য কাৰ্যবাহী সদস্য দেৱেশ্বৰ মৰাণ, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী , সদৌ মৰাণ ছাত্ৰ সন্হাৰ সভাপতি নৱ মৰাণকে আদি কৰি মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ নেতৃত্ব উপস্থিত আছিল ৷ উল্লেখযোগ্য যে, সমাজ কল্যাণ বিভাগৰ এটা ভৱনক মেৰামতি কৰি মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয় হিচাপে গ্ৰহণ কৰিছে।
Comments