মৰিগাঁও,৫ ডিচেম্বৰ: মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ লোচনাবৰী সমবায় সমিতিত সংঘটিত হৈছে দুখীয়াৰ বাবে আবন্তিত চাউলৰ বৃহৎ কেলেংকাৰী। আজি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মাই।
ইতিমধ্যে মৰিগাঁও জিলা উপায়ুক্তৰ অভিযোগৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ৮ জনকৈ সমবায় এজেন্টক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। অৱশ্যে আৰক্ষী অভিযানৰ উমান পাই মূল অভিযুক্ত লোচনাবৰি সমবায় সমিতিখনৰ সচিব ৰুফুল আমিনে পলায়ন কৰিবলৈ সক্ষম হয়।
মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস,অতিৰিক্ত উপায়ুক্ত অৰুন্ধুতী নৰহ মিপুন,খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক বিচিত্ৰ কুমাৰ নাথ আদি কৰি উপস্থিত থকা সংবাদ মেলত উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি লোচনাবৰি সমবায় সমিতিত দীৰ্ঘদিনৰ পৰা প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা চাউল হৰলুকী হোৱা ৰাজহুৱা অভিযোগ পোৱা গৈছিল।
উক্ত অভিযোগৰ তদন্ত কৰিবলৈ মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুনক দায়িত্ব অৰ্পণ কৰা উপৰিও মৰিগাঁও খাদ্য আৰু অসামৰিক যোগান বিভাগে নিজাববীয়াকৈ তদন্ত কৰাত চলিত বছৰৰ জুলাই আৰু আগষ্ট মাহত আবন্টিত বহু সংখ্যক চাউল হৰলুকী হোৱা ভয়াবহ তথ্য পোহৰলৈ অহাত মৰিগাঁও জিলা উপায়ুক্তই গোচৰটো আৰক্ষীলৈ হস্তান্তৰ কৰে।
উল্লেখযোগ্য যে দণ্ডাধীশৰ তদন্তৰ সময়ত মৰিগাঁও খাদ্য আৰু অসামৰিক যোগান বিভাগে সমবায় খনৰ কেইবাটাও গুদাম ছীল কৰাত একপ্ৰকাৰে হাহাকাৰ সৃষ্টি হৈছিল মুনাফালোভী চক্ৰটোৰ মাজত। ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে সমবায় এজেন্ট ক্ৰমে আব্দুল চাত্তাৰ, নাজিৰ হুছেইন, চহিদুল ইছলাম, মজিবুৰ ৰহমান, চফুল উদ্দীন, চফিকুল ইছলাম, আমিৰুদ্দিন আৰু ছিদ্দিক আলিক আটক কৰি ইয়াৰে চাৰিজনক মৈৰাবাৰী আৰু চাৰিজনক মৰিগাঁও সদৰ থানাত পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে।
Comments