গুৱাহাটী,৫ ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডই আঠটা দিন অতিক্ৰম কৰিলে ৷ ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত যুদ্ধকালীনভাৱে চিকিৎসা চলি আছে ৰেগিঙৰ ভুক্তভোগী আনন্দ শৰ্মাৰ । সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ চিকিৎসাধীন ভুক্তভোগী আনন্দ শৰ্মাৰ কাষত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত হয় । আদিত্য হাস্পতালত উপস্থিত হৈ ছাত্ৰজনৰ স্বাস্থ্য বুজ ল'লে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ৷
ছাত্ৰজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে আনন্দ শৰ্মাৰ শিক্ষাৰ সংক্ৰান্তত সন্মুখীন হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰে ।ইয়াৰ লগতে প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ৰেগিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ৰেগিঙৰ বিৰুদ্ধে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত এন্টি ৰেগিং কমিটিসমূহ শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । এই ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ব্যৰ্থ হ'লে আৰক্ষীয়ে হস্তক্ষেপ কৰিব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এতিয়াৰে পৰা মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত অকৰ্তৃত্বশীল অৰ্থাৎ অবৈধভাৱে কোনো ছাত্ৰ থাকিব নোৱাৰিব ৷ ইতিমধ্যে শিক্ষানুষ্ঠানখনৰ পৰা উত্তীৰ্ণ অথবা ওলাই যোৱা কোনো ছাত্ৰই ছাত্ৰাবাসত থকাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ।
Comments