গুৱাহাটী,৫ ডিচেম্বৰ:ৰাহুল ছেত্ৰীক ৫ দিনৰ বাবে জিম্মাত ল’লে আৰক্ষীয়ে । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল ছেত্ৰী । ২৭ নৱেম্বৰৰ পৰা পলাতক অৱস্থাত থকা ৰাহুল ছেত্ৰীয়ে সোমবাৰে আত্মসমৰ্পণ কৰিছিল লেখাপানী আৰক্ষীৰ ওচৰত । লেখাপানীৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ প্ৰেৰণ কৰা হৈছিল ৰাহুলক । ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাহুলক স্বাস্থ্য পৰীক্ষাৰ পাছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল আদালতে ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে ৰাহুল ছেত্ৰীক ।
২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলত সংঘটিত হৈছিল ভয়াৱহ ৰেগিংকাণ্ড । জ্যেষ্ঠৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মাই গুৰুতৰভাৱে আহত আনন্দক ভৰ্তি কৰোৱা হৈছিল আইচিইউত । ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ৭ ছাত্ৰক গ্ৰেপ্তাৰ আত্মসমৰ্পণৰ পূৰ্বে ৰেগিংকাণ্ডত জড়িত নহয় বুলি দাবী ৰাহুল ছেত্ৰীৰ ।
Comments