Cartoon
View Older
গুৱাহাটী, ৯ ডিচেম্বৰঃ অসম আৰক্ষীয়ে শুক্ৰবাৰে কাছাৰত লিবাৰেচন টাইগাৰ্ছ অৱ ট্ৰাইবেলছ (এলটিটি) সন্ত্ৰাসবাদী সংগঠনৰ এজন সদস্যক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী অধীক্ষক নুমল মহাটোৱে উক্ত বিষয় সন্দৰ্ভত কৈছে যে, চেইমিণ্টাং ওৰফে এলেক্স গাংটেক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰাৰ লগতে ১ টা ৯ এমএম পিষ্টল সহ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰিছে।
আৰক্ষী বিষয়া গৰাকীয়ে আৰু কয় যে, "এক গোপন সূত্ৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰি নগৰ অঞ্চলত এক বিশেষ অভিযান চলাই নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৰ ২৮ বছৰীয়া স্বঘোষিত কেডাৰজনক গ্ৰেপ্তাৰ কৰে।কেডাৰজন মূলতঃ ডিমা হাছাও জিলাৰ জিনাম ঘাট অঞ্চলৰ বাসিন্দা।"
Comments