Cartoon
View Older
গুৱাহাটী,৯ ডিচেম্বৰ:মৰিগাঁৱৰ পিছত আজি গোলাঘাটত ‘বিকাশৰ এটা পষেক’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কাৰ্যসূচীৰ সামৰণিৰ পাছতেই দাৱনী আৰু সহস্ৰাধিক ৰাইজৰ সৈতে গোলাঘাটৰ ৰহঢলা পথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
মুখ্যমন্ত্ৰীৰ আগমনক লৈ উখল-মাখল হৈ পৰিল ৰহঢলা পথাৰৰ পৰিৱেশ।ৰহঢলা পথাৰত দাৱনীৰ সৈতে ৰবাব টেঙাৰ জুতি ল’লে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্তয়ো ল'লে ৰবাব টেঙাৰ সোৱাদ।ৰাইজৰ সৈতে নখোৱা উৎসৱতো অংশ ল’লে হিমন্ত বিশ্ব শৰ্মাই।
Comments