Cartoon
View Older
গুৱাহাটী, ৯ ডিচেম্বৰঃ বাক্সাত শুক্ৰবাৰে এজন ভাৰতীয় সেনা জোৱানে আত্মহনন কৰে। নৱ দাস নামৰ মৃত জোৱানজন ভোতেপোৱাবাৰীৰ শহুৰেকৰ বাসগৃহত ওলমি থকা অৱস্থাত পোৱা গৈছে। বৰ্তমান তেওঁৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।
ইফালে, জোৱানজনৰ পিতৃয়ে তেওঁৰ শহুৰেকৰ বিৰুদ্ধে তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি দাবী কৰিছে যে দুয়ো পক্ষৰ মাজত সঘনাই কাজিয়া হৈ আহিছে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।
Comments