Cartoon
View Older
গুৱাহাটী,৯ ডিচেম্বৰ:ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসম সন্তানৰ সফলতা ৷ ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত ৰহাৰ প্ৰাঞ্জল প্ৰতিম তামুলীয়ে ৰূপৰ পদক অৰ্জন কৰে ৷
যোৱা ২ ডিচেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ দিল্লীৰ টালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰি ৪৫ কেজি কুমিটে শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় প্ৰাঞ্জলে ৷
নগাঁও জিলাৰ ৰহাৰ ৰহা কাৰাটে ক্লাবৰ ছাত্ৰ ১১ বছৰীয়া প্ৰাঞ্জল ৷ প্ৰাঞ্জলৰ এই সাফল্যত গৌৰৱান্বিত তেওঁৰ প্ৰশিক্ষক ৷
Comments