সোণাৰি , ৯ ডিচেম্বৰ : চৰাইদেউ জিলাৰ সোণাৰি জিলা চিকিৎসালয়ত স্থাপন কৰা District Public Health Laboratory (DPHL) নামৰ আধুনিক লেৱৰেটৰিটো আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে জিলাখনৰ স্বাস্থ্য বিভাগৰ তদাৰকৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈয়ে।
উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ছৈয়দ তফিক হুছেইন, জিলা চিকিৎসালয়র অধীক্ষক আৰু মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ দৰিকা চাহু, পৰিচালনা সমিতিৰ সদস্যবর্গ আৰু চিকিৎসাকর্মী সকল উপস্থিত থাকে। পৰীক্ষাগাৰটো IDSP আৰু NHM চৰাইদেউ জিলাৰ উদ্যোগত আৰম্ভ কৰা হয় ।
ইয়াত সাধাৰণতে বাহক জনিত ৰোগ যেনে, জাপানিজ এনকেফেলাইটিচ, ডেংগু ইত্যাদি, সোঁচৰা ৰোগ যেনে ডায়েৰিয়া, ডিচেন্টেরী, হেপাটাইটিছ A আৰু E, টাইফদ ইত্যাদি, zoonotic ৰোগ যেনে লেপ্টস্পাইচিচ, স্ক্রাব টাইফাছ ইত্যাদিৰ পৰীক্ষা কৰা হব। লেবৰেটৰিটোত সদ্যহতে Serological পৰীক্ষাসমূহ আৰু পৰ্যায়ক্রমে Culture & sensitivity test বিলাক কৰা হব ।
Comments