সোণাৰি , ৯ ডিচেম্বৰ : কেইদিনমানৰ পূৰ্বে ঘৰৰ পৰা পলাই গৈ মাহমৰাৰ অৰ্পিতা গগৈ নামৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে 'আলফা’ত(স্বাঃ) যোগদান কৰাৰ খবৰে চাঞ্চল্য সৃষ্টি কৰি ৰখাৰ মাজতে আজি পুনৰ এজন দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ সন্ধানহীন হোৱাৰ বিষয়টোৱে আৰক্ষী আৰু সচেতন মহলক চিন্তিত কৰি তুলিছে৷
জানিব পৰা মতে, চৰাইদেউ জিলাৰ কাকতিবাৰী থানাৰ অন্তৰ্গত চেলেংগাঁৱৰ ৰবি শংকৰ দিহিঙীয়া নামৰ দশম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে ঘৰত কোনো নথকা অৱস্থাত কালি পুৱা প্ৰায় ১০.৩০ মান বজাত ঘৰৰ পৰা চাইকেলেৰে ওলাই গৈছিল৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, এটা বেগত কাপোৰ-কানি ভৰাই ছাত্ৰজনে সোণাৰি অভিমুখে গৈছিল৷ কালি পুৱাৰে পৰা সন্ধানহীন হৈ থকা ছাত্ৰজনক পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰিলে৷
অৱশ্যে সন্দেহবশতঃ ভজো ৰেল ষ্টেচনৰ দিশে খা-খবৰ ল’বলৈ যাওঁতে ছাত্ৰজনে নিয়া চাইকেলখন ভজো ৰেল’ৱে ষ্টেচনত উদ্ধাৰ হয়৷ ছাত্ৰজনে ৰেলেযোগে কোনো দুৰণিবটীয়া ঠাইলৈ যোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে, ঘটনা সন্দৰত ইতিমধ্যে স্থানীয় কাকতীবাৰী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত ছাত্ৰজনৰ কোনো সন্ধান লাভ কৰা নাই৷
উল্লেখ্য, সন্ধানহীন ছাত্ৰজনৰ ঘৰৰ পৰা মাত্ৰ তিনি-চাৰি কিলোমিটাৰ দুৰত্বতে কেইদিনমানৰ পূৰ্বে দ্বাদ্বশ শ্ৰেণীত অধ্যয়নৰত অৰ্পিতা গগৈ নামৰ ছাত্ৰীগৰাকীয়ে ঘৰৰ পৰা পলাই গৈ পৰৱৰ্তী সময়ত আলফালৈ যোৱা বুলি ৱাটচএপ মেচেজ কৰি নিষিদ্ধঘোষিত সংগঠন 'আলফা’ত(স্বাঃ) যোগদান কৰিছিল৷ এনে সময়তে দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনৰ নিৰুদ্দেশৰ ঘটনাই ছাত্ৰজনৰ পৰিয়ালক শংকিত কৰি তুলিছে৷
Comments