তিনিচুকীয়া: ৯ ডিচেম্বৰ:তিনিচুকীয়া কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য ও অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন, আইন তথা ন্যায় আদি বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া ছাত্ৰ-ছাত্ৰীক "ড০ বাণীকান্ত কাকতি মেধা বঁটা" ৰ স্কুটী বিতৰণ কৰে।
ড০ বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ আগবঢ়ায় তিনিচুকীয়া কমাৰ্চ কলেজৰ অধ্যক্ষ ডঃ চৈতন্য বৰাই। মুখ্য অতিথি তথা অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বিশিষ্ট ভাষাবিদ,গৱেষক, শিক্ষাবিদ আৰু সমালোচক ড০ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অমূল অৱদানৰ বিষয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক এই মহান শিক্ষাবিদজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হবলৈ পৰামৰ্শ আগবঢ়ায়। ৰাজ্যখনত যাতে এক সুষ্ঠ শৈক্ষিক পৰিবেশ গঢ়ি উঠে তাৰ বাবে শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনসমূহকো প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনায়।
প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক একাগ্ৰতাৰে শৈক্ষিক ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত নিৰলসভাবে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন সাধন হৈছে বুলি উল্লেখ কৰি শিক্ষাৰ ক্ষেত্ৰতো অমূল পৰিৱৰ্তন সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি পঞ্চায়ত-গ্রামোন্নয়ন মন্ত্ৰীগৰাকীয়ে বক্তব্য আগবঢ়ায়।জিলা উপায়ুক্ত নৰসিং পৱাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দ জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যতৰ কামনা কৰে।
উপায়ুক্তগৰাকীয়ে এই আচঁনিখনে আন ছাত্ৰ-ছাত্ৰীসকলকো ভালদৰে পঢ়াশুনা কৰাত উৎসাহ যোগাব বুলি উল্লেখ কৰে। এই আচঁনিখন কাৰ্য্যকাৰী কৰাৰ বাবে উপায়ুক্ত পৱাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে। অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশানে মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি ; অসম চৰকাৰৰ এই পদক্ষেপৰ বাবে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হব বুলি উল্লেখ কৰে ৷
আজিৰ স্কুটী বিতৰণ কাৰ্য্যসূচীত আনুষ্ঠানিকভাৱে স্কুটী প্ৰদান কৰা ছাত্ৰ-ছাত্ৰীক তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত তথা তিনিচুকীয়া জিলা পৰিবহন বিভাগৰ সহযোগত হেলমেটো প্ৰদান কৰা হয়।
উল্লেযোগ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫ % বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক "ড০ বাণীকান্ত কাকতি মেধা বঁটা " হিচাপে একোখনকৈ স্কুটী প্ৰদান কৰা হৈছে। তিনিচুকীয়া জিলাত মুঠ ১,০২৫ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে।
Comments