তিনিচুকীয়া: ৯ ডিচেম্বৰ : অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন,খাদ্য-অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন, আইন তথা ন্যায় বিভাগৰ মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি তিনিচুকীয়া গেলাপুখুৰীস্থিত টেঙা গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰি কমলা খেতিৰ সম্ভাৱনীয়তাৰ ওপৰত পৰ্যালোচনা কৰে।
পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ পৰিদৰ্শনকালত অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশান, জিলা উপায়ুক্ত নৰসিং পৱাৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত (কৃষি) চৰফ্ৰাজ হক প্ৰমুখ্যে টেঙা গৱেষণা কেন্দ্ৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ বিজ্ঞানীসকলৰ লগত মত বিনিময় কৰে। মন্ত্ৰী দাসে কৃষি বিজ্ঞান কেন্দ্ৰই কৃষি ক্ষেত্রৰ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিতংভাবে বুজ লয়।
Comments