গুৱাহাটী,৮ ডিচেম্বৰ:যান্ত্ৰিকতা আৰু ব্যস্ততাত গুৱাহাটী মহানগৰলৈ এতিয়া সংগোপনেনামি আহিল শীত৷পূৰ্বতে শাৰদীয় দুৰ্গা পূজাৰ সময়ৰে পৰা মহানগৰত উৎকট গৰমৰ মাত্ৰা হ্ৰাস পাই শীত নামিছিল৷কিন্তু এইবাৰ বহু পলমকৈ মহানগৰলৈ পুনৰ ঘূৰি আহিল সকলোৰে ভাল লগা হেঁপাহৰ দিনবোৰ৷শীতৰ আমেজ ল’বলৈ যেন একপ্ৰকাৰ ব্যাকুল হৈ পৰিছে মহানগৰবাসী৷মহানগৰত লাহে লাহে শীতৰ দিনবোৰ আৰম্ভ হৈছে সেইটো স্পষ্ট হৈ পৰিছে৷
হঠাৎ তাপমাত্ৰা হ্ৰাস পোৱাত এতিয়া মহানগৰৰ গৰম কাপোৰৰ বিপণীত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভিৰ৷মহানগৰৰ প্ৰতিখন শ্বপিং মলৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ গৰম কাপোৰৰ বিপণীত এইকেইদিন গৰম কাপোৰৰ ব্যৱসায় যথেষ্ট ভাল বুলি জানিবলৈ দিছে ব্যৱসায়ীসকলে৷উল্লেখযোগ্য যে শেহতীয়া কেইবছৰমানত মহানগৰৰ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটিছে৷উৎকট গৰমৰ মাত্ৰা মহানগৰত অধিক বৃদ্ধি পাইছে৷
বতৰৰ পৰিৱৰ্তনৰ বাবে বৃদ্ধি পোৱা প্ৰদূষণেই অন্যতম কাৰণ বুলি বিভিন্নজনে সদৰী কৰিছে৷পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰো প্ৰভাৱ পৰিছে৷ফলত সঘনে পৰিৱৰ্তন হৈছে বতৰ আৰু উষ্ণতা৷অৱশেষত গ্ৰীষ্মৰ আমনিদায়ক দিনবোৰৰ অৱসান ঘটাই পলমকৈ হ’লেও অহা শীতৰ দিনবোৰে মহানগৰত এক মায়াময় পৰিৱেশৰ সৃষ্টি কৰাৰ আশা কৰিছে সকলোৱে৷শৰৎ আৰু নিয়ৰৰ টোপালৰ লগতে ঘন কুঁৱলীৰ আৱৰণেও এতিয়া সজাই তোলক ব্যস্ততাপূৰ্ণ আৰু যান্ত্ৰিকতাৰ মাজত সোমাই থকা মহানগৰখনক৷
Comments