Cartoon
View Older
গুৱাহাটী, ৮ ডিচেম্বৰঃ বুধবাৰে নিশা গোৱালপাৰাত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত এজন লোক নিহত হয়। ঘটনাটো গোৱালপাৰা জিলাৰ লখিপুৰ বন ৰেঞ্জৰ অন্তৰ্গত বান্দৰমাথা গাঁৱত সংঘটিত হৈছে আৰু মৃত ব্যক্তিজন যুগল বৰ্মন বুলি চিনাক্ত কৰা হৈছে।
উক্ত ঘটনা সন্দৰ্ভত লখিপুৰ বন ৰেঞ্জৰ বন পৰিসৰ বিষয়া ধ্ৰুৱ দত্তই কয় যে, "বনৰীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত এজন লোক নিহত হৈছ আৰু হাতীৰ জাকটোৱে গাওঁখনৰ কমেও ২৫ টা ঘৰ ধ্বংস কৰে। বনৰীয়া হাতীৰ জাকটোৱে বিগত ২ মাহ ধৰি অঞ্চলটোত আশ্ৰয় লৈ আছে।"
Comments