গুৱাহাটী,৮ ডিচেম্বৰ:বলীউডত নিৰ্মাণ হৈছে ৯০ দশকৰ অসমৰ ক’লা অধ্যায় ‘গুপ্তহত্যা’ৰ আধাৰত এখন ছবি ’শ্বেডো এছাচিনছ’৷অসম সন্তান তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্ছিত্ৰ নিৰ্মাতা নীলাঞ্জন ৰীতা দত্তৰ পৰিচালনাত অসম, মুম্বাই, দিল্লী, কলকাতা, বাংগালোৰ, পুনেকে ধৰি ভাৰতৰ প্ৰায় তিনি শতাধিক ছবিগৃহত মুক্তি লাভ কৰিব বলীউডৰ ছবি ‘শ্বেডো এছাচিনছ’৷ মুক্তিৰ প্ৰাকক্ষণত গুৱাহাটীৰ টাউন ক্লাবত ছবিখনত অভিনয় কৰা বলীউডৰ তাৰকাসকলৰ লগতে প্ৰযোজক পৰিচালকে এক সংবাদমেল সম্বোধন কৰি অসমৰ ৰাইজক ছবিখন অহা ৯ ডিচেম্বৰৰ পৰা অসমৰ ছবিগৃহসমূহত উপভোগ কৰিবলৈ আহ৩ান জনায়৷
এই সংবাদ মেলত উপস্থিত থাকি বলীউড তাৰকা তথা দাক্ষিণাত্যৰ কেইবাখনো চিনেমাত অভিনয় কৰি খ্যাতি অৰ্জন কৰা জনপ্ৰিয় অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তীয়ে জনায় যে অসমৰ এনে এটা স্পৰ্শকাতৰ বিষয়ত নিৰ্মিত ছবিখনত অভিনয় কৰি তেখেত অতিকৈ গৌৰৱান্বিত৷ মিষ্টিয়ে ‘শ্বেডো এছাচিনছ’ত এটি মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷
লগতে চিনেমাখনত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অনুৰাগ সিনহা, বলীউডৰ যশস্বী অভিনেতা ৰাকেশ চতুৰ্ৱেদী ওঁম, অভিনেতা হেমন্ত খেৰ, কলকাতাৰ জনপ্ৰিয় অভিনেতা সৌম্য মুখাৰ্জী, ছিংগাপুৰৰ জনপ্ৰিয় অভিনেতা-ঘোষক কে পি সান্ধু, কলকাতাৰ জনপ্ৰিয় সংগীত পৰিচালক আশু চক্ৰৱৰ্তী লগতে চিনেমাখনত অভিনয় কৰা বলীউড তথা অসমৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী সংবাদমেলখন উপস্থিত থাকে৷
ছবিখনৰ পৰিচালক নীলাঞ্জন দত্তই সংবাদমেলতেই জানিবলৈ দিয়ে যে কোনো ধৰণৰ অনলাইন প্লেটফৰ্মত ছবিখন ভালেমান দিনলৈ উপলব্ধ নহ’ব৷ সেয়েহে তেখেতে অসমৰ ৰাইজক এই ছবিখন কেৱল ছবিগৃহতেই সকলোৱে সপৰিয়ালে আহি উপভোগ কৰিবলৈ আহ৩ান জনায়৷
Comments