ধেমাজি, ৮ ডিচেম্বৰ: ধেমাজি জিলাৰ বাবে ভালেমান অভিলাষী আঁচনি লৈ অহা ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ধেমাজিলৈ আহিব। সেইদিনাই ধেমাজি চিকিৎসা মহাবিদ্যালয় আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এইকথা প্ৰকাশ কৰে।
মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে কয় বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই বঁটা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ডঃ বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ'বলৈ আহবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপেন শইকীয়াই।
সভাত জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত সহ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়।
Comments