গুৱাহাটী, ৮ ডিচেম্বৰঃ অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ লক্ষ্যৰে বুধবাৰে অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে শ্ৰদ্ধা ৱাকাৰৰ দৰে ঘটনাৰ এটা পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰি ইয়াক ভুৱা বাতৰি বুলি অভিহিত কৰিছে এয়া এক পৰ্তুগীজ ব্লগৰ পৰা লৈ ভাইৰেল কৰা হৈছে বুলি জানিব দিয়ে। আৰক্ষীয়ে লগতে কৈছে যে, "দুৰ্বৃত্তই অসমত শ্ৰদ্ধা সদৃশ ঘটনা বুলি দাবী কৰি এক ভিডিঅ' ভাইৰেল কৰি আছে যাক 'লাভ-জিহাদ' বুলি অভিহিত কৰিছে।"
ইপিনে, অসম আৰক্ষীৰ চাইবাৰ চেলে লগে লগে এই ঘটনা সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰি পোষ্টটো ভুৱা বুলি প্ৰমাণিত কৰে। এক টুইটাৰ পোষ্টত অসম আৰক্ষীয়ে লিখিছে যে, "২০১০ চনৰ এটা পৰ্তুগীজ ব্লগৰ এখন ছবি বৰ্তমান সামাজিক মাধ্যমত সম্পূৰ্ণ মিছা প্ৰসংগৰ সৈতে শ্বেয়াৰ কৰা হৈছে। এনে বাৰ্তা ভাগ বতৰা কৰা লোকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"
ইয়াৰ লগতে, এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এই ধৰণৰ সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এই পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি অধিক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে।
Comments