Cartoon
View Older
ধেমাজি , ৮ ডিচেম্বৰঃ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ ছাত্ৰ - ছাত্ৰী সকল অভাৱ-অভিযোগ সমুহৰ বুজ লোৱাৰ উদ্দেশ্য আজি অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে মহাবিদ্যালয়খনত উপস্থিত হয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী গৰাকীৰ সন্মুখত মহাবিদ্যালয়খনৰ ছাত্ৰ - ছাত্ৰী সকলে হোষ্টেল , খোৱাপানী , অডিটৰিয়াম আৰু শিক্ষক আদি কৰি বিভিন্ন সমস্যা সমুহৰ বিষয়ে অৱগত কৰে।
অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে উক্ত অভাৱ - অভিযোগ সমুহ মুখ্যমন্ত্ৰীৰ লগত আলচ কৰি তৎকালীনভাৱে ইয়াৰ সু - ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে আন্তঃগাঁথনি সন্দৰ্ভতো আলচ কৰা হ’ব বুলি উল্লেখ কৰে ৷ মন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয়খনত এজোপা গছপুলিও ৰূপণ কৰে ৷
Comments