Cartoon
View Older
গুৱাহাটী,৮ ডিচেম্বৰ:ৰাজনৈতিক সমীকৰণ সলনি হ’ল হিমাচল প্ৰদেশৰ ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কংগ্ৰেছে ৷ বিজেপি শাসিত ৰাজ্যখনত এইবাৰ বিজেপিৰ অংকত যেন আউল লাগিল ৷
গেৰুৱা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিজৰ ৰাজ্যত কংগ্ৰেছে দেখুৱালে নিজৰ শক্তি ৷ মুঠ ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিলে ৪০ খন আসন ৷ আনহাতে বিজেপি ক্ষান্ত থাকিবলগীয়া হ’ল ২৫ খন আসনত ৷ অন্যান্যই লাভ কৰিলে ৩ খন আসন ৷
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী জয়ৰাম ঠাকুৰ নিজৰ সমষ্টিত জয়ী হয় যদিও তেওঁৰ মন্ত্ৰীসভাৰ ৮ জনকৈ মন্ত্ৰীয়ে পৰাজয় বৰণ কৰে ৷ ইতিমধ্যে নিজৰ দলৰ পৰাজয় স্বীকাৰ কৰিছে জয়ৰাম ঠাকুৰে আৰু আজিয়েই তেওঁ ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰিব ৷
Comments