মৰিগাঁও,৮ ডিচেম্বৰ: আন্দোলন বৰ্জিত পৰিবেশৰ বাবেই বৰ্তমান উন্নয়ন সম্ভৱপৰ হৈছে এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বিকাশৰ এটা পষেকৰ শুভৰাম্ভ কাৰ্যসূচীৰ অংশ হিচাপে আজি মৰিগাঁৱৰ বঘৰাত মৰিগাঁও মেডিকেল কলেজৰ ভুমিপূজন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে বৃহৎ পৰিকল্পনা।
বঘৰাত স্থাপন কৰা মৰিগাঁও মেডিকেল কলেজৰ ওচৰতে স্থাপন কৰা হব এখন কেঞ্চাৰ হস্পিতেল, ডেন্টেল কলেজ, বি,এচ,ছি নাৰ্চিং কলেজ আৰু এখন জি,এন,এম নাৰ্চিং কলেজ। উল্লেখ্যযে, ৬৫০ কোটি টকা ব্যয়ৰে ১০২ বিঘা ভূমিত নিৰ্মাণ কৰা মৰিগাঁও মেডিকেল কলেজৰ কাম ২০২৫ চনত সমাপ্ত হোৱাৰ লগতে ২০২৬ ৰ পৰা চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ হ'ব বুলি উল্লেখ কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনত ১০০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্র ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
আনহাতে মৰিগাঁও মেডিকেলৰ আধাৰশিলা স্থাপনৰ মঞ্চৰ পৰাই মুখ্যমন্ত্ৰীয়ে জিলাখনৰ মুঠ ৯১০১৭.৯৯৪ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও অতি গুৰুত্বপূৰ্ণ প্ৰকল্পৰো ভাৰ্চুৱেলী আধাৰশিলা কৰে । ইয়াৰ ভিতৰত মৰিগাঁও জাগীৰোড পথৰ ভকতগাঁৱৰ কপিলী দলঙৰ ওপৰত নতুন দলঙ নিৰ্মাণ, জাগীৰোড আৰু মৰিগাঁও সমষ্টিৰ দুখন মিনি ষ্টেডিয়াম, জলসম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধী শ'লমাৰীৰ পৰা ওজাগাঁও মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ, বসুন্ধৰা পাহাৰৰ পৰা কিলিং কপিলীৰ সংযোগ স্থলীলৈ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ, ধিঙৰ পৰা হিলৈখুন্দালৈ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণ, মায়ং ৰাজহ চক্ৰৰ মুৰাকটাৰ খহনীয়া প্ৰতিৰোধ, মোৱামাৰী আৰু পাভকাটি-গৰুবন্ধা খহনীয়া প্ৰতিৰোধী মথাউৰি নিৰ্মাণৰ আধাৰশিলা কৰে।
ইয়াৰ উপৰিও মৰিগাঁও চৰকাৰী পলিটেকনিক আৰু চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান দুখনক উৎকৰ্ষতাৰ কেন্দ্ৰ, কৰ্মশালা তথা কাৰিকৰী গৱেষণাগাৰ নিৰ্মাণলৈ উন্নীতকৰণৰো আধাৰশিলা কৰি মুখ্যমন্ত্ৰীয়ে কয়যে দুয়োখন কাৰিকৰী প্ৰতিষ্ঠান টাটা গ্ৰুপৰ সৈতে সংযুক্ত কৰি নিবনুৱা যুবক যুবতীক উদ্যোগীকৰণৰ শিক্ষা দিয়া হব। ইয়াৰ ওপৰিও অহা ৩০ জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ ৩০ হেজাৰ নিবনুৱাক চৰকাৰী চাকৰি, ৫০০০ কোটি টকা ব্যয়ৰে নিবনুৱাৰ বাবে স্বনিয়োজনৰ আঁচনি গ্ৰহন কৰাৰ কথাও বিশাল জনসভাক কয় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
বঙাইগাঁৱৰ পৰা আৰম্ভ কৰা "বিকাশৰ বাবে এটা পষেক" কাৰ্যসূচীৰ জৰিয়তে আজি মৰিগাঁৱত উপস্থিত হৈ ৰাজ্যৰ উন্নয়নৰ শান্তিৰ পৰিবেশৰ বাবেহে সম্ভৱ হোৱা বুলি কৈ আমাৰ ৰাজ্যখনক দেশৰ শীৰ্ষ ৰাজ্য কৰাৰ স্বাৰ্থত সকলোকে আন্দোলনৰ পৰিবেশ বৰ্জন কৰিবলৈ আহ্বান জনায়। দুখীয়া লোকৰ বাবে পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা, মাহিলী ২৫০ টকীয়া বৃদ্ধ পেঞ্চন প্ৰাপকক অৰুনোদই আঁচনীৰ অন্তভূক্ত কৰা আদি বহু কেইটা আঁচনিৰ কথাও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষনত উল্লেখ কৰে।আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা, অভিভাৱক মন্ত্ৰী কেৱশ মহন্ত, জয়ন্তমল্ল বৰুৱা, লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নাজাৰ, ৰহাৰ বিধায়ক শশীকান্ত হাজৰিকা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোৱঁৰ। সভাত আদৰণি ভাষণ ৰাখে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰ পৰিদৰ্শন কৰে।
Comments