ছিমলা, ৮ ডিচেম্বৰ ঃ বিজেপিয়ে হিমাচল প্ৰদেশৰ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত বিধায়কসকলক কিনিবলৈ চেষ্টা চলাব পাৰে বুলি হোৱা আশংকা দূৰ কৰিবলৈ কংগ্ৰেছে বিধায়কসকলক ৰাজস্থানলৈ স্থানান্তৰৰ পৰিকল্পনা কৰিছে৷
সূত্ৰসমূহে কয় যে বিজেপিৰ ‘অপাৰেশ্যন লটাছ’ ব্যৰ্থ কৰিবলৈ বিধায়কসকলক ৰাজস্থানলৈ স্থানান্তৰৰ দায়িত্ব ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু জ্যেষ্ঠ নেতা ভূপিন্দৰ সিং হুদাক অৰ্পণ কৰা হৈছে৷ বিধায়কসকলক বাছেৰে ৰাজস্থানলৈ নিয়াৰ সম্ভাৱনা আছে৷
এ আই চি চিৰ প্ৰধান সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাই পৰিস্থিতি নিজে নিৰীক্ষণ কৰিছে আৰু তেওঁ আজি ছিমলাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷
উল্লেখযোগ্য যে হিমাচল প্ৰদেশত জয়লাভ কৰাটো কংগ্ৰেছৰ বাবে অতি আশাৰ বতৰা৷ কাৰণ যোৱা দুবছৰত কোনো ৰাজ্যৰ নিৰ্বাচনত দলটোৱে নিজাববীয়াকৈ জয়লাভ কৰা নাছিল৷ বৰ্তমান ৰাজস্থান আৰু ছট্টিশগড়তহে কংগ্ৰেছৰ চৰকাৰ আছে৷ এই দুয়োখন ৰাজ্যত অহা বছৰ বিধানসভাৰ নিৰ্বাচন হ’ব৷
Comments