নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ গুজৰাট বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ শাসনাধিষ্ঠিত বিজেপিয়ে এই পৰ্যন্ত ৫৪.৯ শতাংশ ভোট লাভ কৰিছে৷ ২০১৭ চনৰ নিৰ্বাচনত দলটোৰ ভোটৰ অংশ আছিল ৪৯.১ শতাংশ৷ সেই বছৰ দলটোৱে জয় কৰিছিল ৯৯খন আসন আৰু এই বছৰ ১৫৮খন আসন জয় কৰাৰ সম্ভাৱনা দেখা গৈছে৷
কংগ্ৰেছৰ ভোটৰ অংশ এই বছৰ ২৭ শতাংশ৷ ২০১৭ চনত আছিল ৪১.৪ শতাংশ ৷ সেই ফালৰ পৰা কংগ্ৰেছৰ ভোটৰ অংশ যথেষ্ট কমিল৷ সেই বছৰ দলটোৱে লাভ কৰিছিল ৭৭খন আসন আৰু এই বছৰ ১৬খনতহে জয়লাভ কৰে৷ আম আদমি পাৰ্টিয়ে লাভ কৰা ভোটৰ অংশ এই পৰ্যন্ত প্ৰায় ১৩শতাংশ ৷
আম আদমি পাৰ্টিয়ে [আপ] ৫খন আসন জয় কৰিছে৷ মাত্ৰ দুখন আসনত জয়লাভ কৰিলেই আৰু ৬ শতাংশতকৈ বেছি ভোট পালেই আপ ৰাষ্ট্ৰীয় দল হৈ পৰিব৷ যোৱাবাৰৰ নিৰ্বাচনত আপে পাইছিল মাত্ৰ ২৪,৯১৮টা ভোট আৰু ভোটৰ অংশ আছিল ০.১শতাংশ ৷
নিৰ্বাচন-পৰৱত¹ অধিকাংশ সমীক্ষাই ভৱিষ্যদ্বাণী কৰিছিল যে আপে ১৫খনতকৈ বেছি আসন জয় নকৰিব৷ কিন্তু গুজৰাটত দলটোৱে খোপনি পুতিবলৈ পালে ৰাজ্যখনৰ বাইনেৰি [দুই ভাগ বিশিষ্ট] ৰাজনীতিলৈ পৰিৱৰ্তন আহিব পাৰে৷ গুজৰাটত নিৰ্দলীয় আৰু অন্যান্যৰ ভোটৰ অংশ ৪.৯শতাংশ ৷
উল্লেখযোগ্য যে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত গুজৰাটৰ ৪টা সংসদীয় সমষ্টিৰ সকলোতে বিজেপিয়ে জয়লাভ কৰিছিল আৰু ভোটৰ অংশ আছিল ৬২.২১শতাংশ৷ কংগ্ৰেছে এটা সমষ্টিতো জয়লাভ কৰা নাছিল আৰু দলটোৰ ভোটৰ অংশ আছিল ৩২.১১ শতাংশ ৷
Comments