নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ গুৱাহাটীত নতুন বৰ্ষৰ আৰম্ভণিতে এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ’ব৷ অহা ১০ জানুৱাৰীত শ্ৰীলংকা আৰু ভাৰতৰ মাজত এদিনীয়া মেচখন অনুষ্ঠিত হ’ব৷ দুয়োটা দলৰ মাজত হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ এইখন হ’ব প্ৰথম মেচ৷
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আজি প্ৰকাশ কৰা অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু শ্ৰীলংকাৰ ভাৰত ভ্ৰমণৰ সূচীৰ পৰা এই কথা জানিব পৰা গৈছে৷ শ্ৰীলংকাই জানুৱাৰীত কৰিবলগীয়া ভাৰত ভ্ৰমণৰ সময়ত তিনিখন এদিনীয়াৰ উপৰি তিনিখনত টি-২০ মেচো খেলিব৷
দলটোৱে বাকী দুখন এদিনীয়া মেচ খেলিব ক্ৰমে ১২ জানুৱাৰীত কলকাতাত আৰু ১৫ জানুৱাৰীত ত্ৰিবান্দ্ৰমত খেলিব৷ আনহাতে ভ্ৰমণকাৰী দলটোৱে টি-২০ মেচ তিনিখন খেলিব ক্ৰমে ৩ জানুৱাৰীত মুম্বাইত, ৫ জানুৱাৰীত পুনেত আৰু ৮ জানুৱাৰীত ৰাজকোটত৷
ইফালে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চাৰিখনীয়া টেষ্ট শৃংখলা আৰম্ভ হ’ব জ্ঝ ফেব্ৰুৱাৰীৰ পৰা৷ নাগপুৰত প্ৰথম টেষ্ট ৮-১৩ ফেব্ৰুৱাৰীত খেলোৱা হ’ব৷ আনহাতে ১৭-২১ ফেব্ৰুৱাৰীত দিল্লীত দ্বিতীয় টেষ্ট, ধৰ্মশালাত ১-৫ মাৰ্চত তৃতীয় আৰু ১৩ ফেব্ৰুৱাৰীত আহমেদাবাদত চতুৰ্থ তথা অন্তিম টেষ্ট খেলোৱা হ’ব৷
দুয়োটা দলে মুম্বাই, বিশাখাপট্টনম আৰু চেন্নাইত ক্ৰমে ১৭, ১৯ আৰু ২২ মাৰ্চত খেলিব৷ ইফালে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলাৰ মেচ তিনিখন অনুষ্ঠিত হ’ব হায়দৰাবাদ, ৰায়পুৰ আৰু ইন্দোৰত ক্ৰমে ১৮, ২১ আৰু ২৪ জানুৱাৰীত৷ আনহাতে আলহী দলটোৱে তিনিখনত টি-২০ মেচ খেলিব ২৭, ২৯ জানুৱাৰী আৰু ৰ ফেব্ৰুৱাৰীত ক্ৰমে ৰাঁচি, লক্ষ্ণৌ আৰু আহমেদাবাদত৷
Comments