গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰ ঃ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে আজি পদত্যাগ কৰাৰ পাছত উপ-সভাপতি উৎপল শৰ্মাক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছে৷
আনহাতে, আছুৰ পৰৱৰ্তী অধিৱেশন মৰিগাঁৱত অনুষ্ঠিত কৰাৰ বাবে বিদায়ী সভাপতি দীপাংক কুমাৰ নাথে প্ৰস্তাৱ কৰিছে৷ উল্লেখযোগ্য যে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা আছুৰ মুখ্য কাৰ্যালয়ত সংগঠনটোৰ জৰুৰী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ লগতে জিলা সমিতি, মহকুমা সমিতি আৰু বিশ্ববিদ্যালয় গোটৰ এক প্ৰতিনিধি সভা অনুষ্ঠিত হয়৷
কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সম্পূৰ্ণ ব্যক্তিগত আৰু ঘৰুৱা কাৰণত সংগঠনৰ পৰা অৱসৰ বিচাৰি পদত্যাগ-পত্ৰ দাখিল কৰে৷ আনহাতে, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাই তেওঁৰ পদত্যাগ-পত্ৰ গ্ৰহণ কৰে৷
ইফালে, সভাপতিৰ অবৰ্তমানত সংগঠনৰ নেতৃত্ব ল’বৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সম্প্ৰতি সংগঠনটোৰ কেন্দ্ৰীয় উপ-সভাপতি উৎপল শৰ্মাক কাৰ্যনিৰ্বাহক সমিতিয়ে আনুষ্ঠানিকভাৱে ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে৷
আছুৰ পৰৱৰ্তী অধিৱেশন পৰ্যন্ত তেওঁ এই দায়িত্বত থাকিব৷ তেওঁ আজিৰ বৈঠকতে উৎপল শৰ্মাক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পণ কৰে৷ ইয়াৰ উপৰি তেওঁ বৈঠকত আছুৰ পৰৱৰ্তী অধিৱেশন মৰিগাঁঁও জিলাত অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তাৱ কৰে৷ প্ৰণিধানযোগ্য যে ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাৰ ঘৰো মৰিগাঁও জিলাত৷
ইফালে বৈঠকৰ পাছত নিজৰ পদত্যাগ সন্দৰ্ভত দীপাংক কুমাৰ নাথে ব্যক্ত কৰে যে তেওঁ সুদীৰ্ঘ তিনিটা দশক ধৰি ছাত্ৰ সংগঠনটোত সেৱা আগবঢ়ায়৷ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি তেওঁ তিনিটা কাৰ্যকাল সংগঠনটোৰ শিক্ষা সম্পাদক, তাৰ পাছত উপ-সভাপতি আৰু শেষত দুটা কাৰ্যকাল সভাপতি হিচাপে দায়িত্ব পালন কৰে৷
অৱশ্যে তেওঁ দুলীয়াজান অধিেৱশনত দ্বিতীয় কাৰ্যকালৰ বাবে সভাপতিৰ দায়িত্ব ল’লেও কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আজি পদত্যাগ কৰে৷ লক্ষণীয় যে তেওঁ আছুৰ দুধনৈ অধিৱেশনত প্ৰথম সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল৷
সংগঠনটোক নেতৃত্ব দিয়াৰ সময়ত তেওঁ যদি কাৰোবাক নক’বলগীয়া কথা বা কঠোৰ ব্যৱহাৰ কৰিছিল তেনেহ’লে সেই সকলোকে ক্ষমা কৰি দিবৰ বাবেও তেওঁ আহবান জনায়৷ তেওঁ পদত্যাগৰ সময়ত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু প্ৰতিনিধি সভাত সকলোকে আছুৰ মূল চালিকা শক্তিক ঐক্যবদ্ধভাৱে আগবঢ়াই লৈ যোৱাৰ বাবেও আহবান জনোৱা বুলি কয়৷
তেওঁ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱৰাৰ বাবেও প্ৰতিজন সদস্যৰ ওচৰত ক্ষমা ভিক্ষা কৰে৷ তেওঁ সংগঠনক সময় দিয়াৰ স্বাৰ্থত দীৰ্ঘ তিনিটা দশক পৰিয়ালৰ পৰা আঁতৰি থকাৰ বাবে সম্প্ৰতি তেওঁ পৰিয়ালক কিছুদিন সময় দিব বুলি প্ৰকাশ কৰে৷
আনহাতে, তেওঁ ৰাজনীতিত যোগদান কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত অহা ছমাহলৈ তেওঁ তেনে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে বুলি স্পষ্ট কৰে৷ তাৰ পাছত পৰিস্থিতিগত কাৰণত প্ৰয়োজন অনুসৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে৷
ইয়াৰ উপৰি পৰিয়ালৰ সিদ্ধান্ত অনুসৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে৷ প্ৰণিধানযোগ্য যে আছুৰ পৰা আজি অৱসৰ গ্ৰহণ কৰা দীপাংক কুমাৰ নাথৰ বিবাহৰ আয়োজন চলা বুলিও জানিব পৰা গৈছে৷
Comments