মৰিগাঁও ঃ নিজা সংবাদদাতা, ৮ ডিচেম্বৰ ঃ ‘আমি অসমক দুৰন্ত গতিৰে বিকাশ আৰু প্ৰগতিৰ পথলৈ লৈ যাব খুজিছোঁ৷ বৰ্তমানে অসমত বিকাশৰ গংগা নামি আহিছে৷ যোৱা ডেৰটা বছৰে অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে চৰকাৰে কাম আৰম্ভ কৰিছে৷’– এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
আজি মৰিগাঁৱত ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক অভিলাষী কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী ডঙ্ম শৰ্মাই জিলাখনৰ ১২টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ডিজিটেল মাধ্যমেৰে৷
মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আদৰণী ভাষণ দিয়া আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ভাষণ দিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন সভাখনত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যৰ প্ৰতিখন জিলাক অপ্ৰতিৰোধ্য গতিৰে আগুৱাই লৈ যোৱা আমাৰ এক বিনম্ৰ প্ৰয়াস৷ মৰিগাঁও জিলাই অসমৰ বিকাশৰ মানচিত্ৰত এটা উজ্জ্বলতম স্থান আজিৰ দিনটোৰ পৰাই গ্ৰহণ কৰিলে৷
৪৩০খন বিছনাযুক্ত আৰু এশজন ছাত্ৰ-ছাত্ৰী পঢ়িব পৰা মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে ৬৫০ কোটি টকা অনুমোদন জনাইছে৷ মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ যে ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগে-পিছে মৰিগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হ’ব৷
মই মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ নক্সা চাই লৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক কৈছোঁ এই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাংগণতে এখন কেন্ছাৰ চিকিৎসালয়, এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয়, জি এন এম নাৰ্ছিং বিদ্যালয় আৰু এখন ডেণ্টেল কলেজো নিৰ্মাণ কৰিম৷ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মৰিগাঁৱক শৈক্ষিক হৃদপিণ্ড কৰিবলৈ প্ৰচেষ্টা চলাম৷
বান-বিধ্বস্ত মৰিগাঁও আমাৰ বাবে এটা অত্যন্ত চিন্তাৰ বিষয়৷ সেইবাবে জলসম্পদ বিভাগৰ দায়িত্ব পীয়ুষ হাজৰিকাক অৰ্পণ কৰিছিলোঁ৷ পীয়ুষ হাজৰিকাৰ নেতৃত্বত ৬টা খহনীয়া প্ৰতিৰোধ আৰু মৰিগাঁৱক বানপানীৰ পৰা মুক্ত কৰিব লগীয়া মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি মায়ং ৰাজহ চক্ৰৰ মূৰকটাত খহনীয়া প্ৰতিৰোধৰ বাবে ৯.৮৩ কোটি টকা, পাভকাটি গৰুবন্ধাত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৩৫.১৮ কোটি টকা, মোৱামাৰীত খহনীয়া প্ৰতিৰোধৰ বাবে ৩৭.৫৪ কোটি টকা, শলমাৰীৰ পৰা ওজাগাঁৱলৈ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণৰ বাবে ১৯.৩৫ কোটি টকা,
ব্ৰহ্মপুত্ৰ নৈৰ মথাউৰিৰ ওপৰেৰে ধিঙৰ পৰা হিলৈখুন্দালৈ পথ নিৰ্মাণৰ বাবে ১৯.৮৪ কোটি টকা, বসুন্ধৰা পাহাৰৰ পৰা কিলিং কপিলী সংযোগস্থলীলৈ মথাউৰিৰ ওপৰেৰে পথ নিৰ্মাণৰ বাবে ২৪.৯৬ কোটি টকা, মৰিগাঁও চৰকাৰী ঔদে্যাগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উৎকৰ্ষৰ বাবে ৫.০৩ কোটি টকা,
মৰিগাঁও চৰকাৰী পলিটেকনিকৰ উৎকৰ্ষ সাধনৰ বাবে ৫.০৩ কোটি টকা, মানিপুৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামৰ বাবে ১২.৬৬ কোটি টকা, জাগীৰোড আঞ্চলিক ক্ৰীড়া সন্থাৰ মিনি ষ্টেডিয়ামৰ বাবে ১৩.০৯ কোটি টকা আৰু জাগী-ভকতগাঁৱৰ দলং নিৰ্মাণৰ বাবে ৮০ কোটি টকাসহ ১২টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
মুখ্যমন্ত্ৰীয়ে ভাষণত পুনৰ কয় যে যোৱা বিধানসভাৰ নিৰ্বাচনৰ আগত অৰুণোদয় হিতাধিকাৰীসকলে মাহে ৮৩০ টকাকৈ লাভ কৰিছিল৷ পাছলৈ সেই পৰিমাণ এক হাজাৰ টকালৈ বৃদ্ধি পালে৷ এতিয়া সেই পৰিমাণ মাহে ১২৫০ টকালৈ বৃদ্ধি কৰা হৈছে৷ অহা ১২ ডিচেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ সম্প্ৰসাৰণৰ কাম আৰম্ভ হ’ব৷
মৰিগাঁও জিলাৰ পৰা ১৮ হাজাৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত হ’ব৷ অহা বহাগ বিহুৰ পূৰ্বে নতুন হিতাধিকাৰী নিৰ্বাচন সম্পূৰ্ণ কৰা হ’ব৷ সেইদৰে যিসকল মহিলাই মাহে ২৫০ টকাকৈ বিধৱা পেঞ্চন লাভ কৰি আহিছে, অহা ১০ এপ্ৰিলৰ পৰা তেওঁলোকক বিধৱা পেঞ্চনৰ পৰিৱৰ্তে অৰুণোদয় হিতাধিকাৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব৷
একেদৰে নতুনকৈ ৰেছন কাৰ্ড লাভ কৰিব লগীয়াসকলে প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া চাউল লাভ কৰিব৷ তদুপৰি ৰেছন কাৰ্ড থকাসকলে ভাৰতৰ যিকোনো চিকিৎসালয়তে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব৷
আনহাতে, ১ ডিচেম্বৰৰ পৰা চৰকাৰে প্ৰতি কুইণ্টল ধান ২০৪০ টকা দৰত ক্ৰয়ৰ ব্যৱস্থা কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৃষক ৰাইজক কোনো মধ্যভোগীক ধান বিক্ৰী নকৰিবলৈ আহ৩ান জনাই তেওঁলোকৰ উৎপাদিত ধান চৰকাৰৰ ওচৰত বিক্ৰী কৰিবলৈ কয়৷
কোনো ব্যক্তিগত মিলে নূ্যনতম দৰ প্ৰতি কুইণ্টলত ২০৪০ টকাতকৈ কম দৰত ক্ৰয় কৰিলে আইনৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে৷ অহা ৫ বছৰৰ ভিতৰত কোনো বন্ধ, আন্দোলন, ধৰ্ণা আদি নহ’লে অসমখনক মহাৰাষ্ট্ৰ, গুজৰাটৰ দৰে ৰাজ্যলৈ উন্নীত কৰিব পাৰিম বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আন্দোলনকাৰী, দল-সংগঠনসমূহক ৩ বছৰৰ বাবে তেওঁলোকৰ অস্ত্ৰসমূহ সামৰি থ’বলৈ আহন জনায়৷
যোৱা ডেৰটা বছৰত আন্দোলন বৰ্জিত পৰিৱেশৰ সুযোগ দিয়াৰ বাবেই বিকাশৰ যাত্ৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰি চৰকাৰী চাকৰিত নিযুক্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নতুন দিগন্তৰ সূচনা কৰা বুলি উল্লেখ কৰে৷ অসমৰ নিবনুৱা যুৱক-যুৱতীসকল স্বাৱলম্বী হ’বৰ বাবে ৰাজ্য চৰকাৰে ৫ হাজাৰ কোটি টকা মুকলি কৰি দিব৷
আগৰ চৰকাৰৰ হাতত যি মূলধন আছিল এতিয়াৰ চৰকাৰৰ হাততো সেই একেই মূলধন আছে৷ সেইখিনিক উচিত ব্যৱহাৰ কৰি ৰাইজৰ উন্নয়ন আৰু প্ৰগতিৰ কামত আগবাঢ়িছোঁ৷
খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত চৰকাৰখনে কাম কৰি থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মুছলমানসকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক মাদ্ৰাছাত পঢ়ুৱাই ইমাম, জোনাব কৰিবলৈ বিচৰাৰ পৰিৱৰ্তে বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়ত পঢ়ুৱাই ডাক্তৰ-ইঞ্জিনীয়াৰ কৰাবলৈ আহ৩ান জনায়৷
অসমত বদৰুদ্দিন আজমলৰ দৰে এচাম নেতাই কয় যে ল’ৰা-ছোৱালী যিমান পাৰি সোনকালে জন্ম দিয়ক৷ মুখ্যমন্ত্ৰীয়ে আজমলক কটাক্ষ কৰি কয় যে আমাৰ মহিলাসকলে ২০-২৫টা সন্তান জন্ম দিব পাৰে কিন্তু খোৱা-লোৱা, পঢ়োৱাৰ সকলো খৰচ আজমলে দিব লাগিব৷ তেতিয়াহে আমাৰ সন্তান জন্ম দিয়াৰ সুবিধা থাকিব৷
আজমলে যদি এইবোৰ খৰচ বহন কৰিব নোৱাৰে তেতিয়াহ’লে কোন মহিলাই কিমান সন্তান জন্ম দিব লাগিব, নালাগিব সেই কথা কোৱাৰ কোনো অধিকাৰ নাই৷ এজন পুৰুষে তিনি-চাৰিগৰাকীকৈ যুৱতীক বিয়া কৰোৱাৰ অধিকাৰ স্বাধীন ভাৰতত থাকিব নোৱাৰে৷ এনে ব্যৱস্থাৰ আমি পৰিৱৰ্তন কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷
আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাখনত মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱা, বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ, শচীকান্ত দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, লোকনিৰ্মাণ বিভাগৰ সচিব দেৱজিৎ ভূঞা, জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মা আদি উপস্থিত থাকে৷
Comments