নতুন দিল্লী, ৮ ডিচেম্বৰ ঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশখনৰ ভোটাৰসকল এতিয়া ইমান সচেতন যে তেওঁলোকে তেওঁলোকৰ লাভ আৰু লোকচান কি জানে৷ দেশখনৰ ভোটাৰসকলে জানে যে দেশখনে ‘শ্বৰ্ট কাট’ ৰাজনীতিৰ বৃহৎ লোকচানৰ বোজা বহন কৰিব লাগিব৷
সন্দেহ নাই যে যদি দেশখন সমৃদ্ধিশালী হয় তেন্তে প্ৰত্যেকৰে সমৃদ্ধি নিশ্চিত৷ ইয়াত বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি তেওঁ গুজৰাট বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ বিজয়ক প্ৰশংসা কৰি কয় যে ৰাজ্যখনৰ জনসাধাৰণে অভিলেখ ভংগ কৰি এটা অভিলেখ সৃষ্টি কৰিলে৷
তেওঁলোকে জাতি, শ্ৰেণী, সম্প্ৰদায় আৰু সকলো ধৰণৰ বিভেদৰ ঊধবৰ্লৈ গৈ বিজেপিক ভোট দিলে৷ মোদীয়ে কয়, ‘জনসাধাৰণে বিজেপিক ভোট দিয়াৰ কাৰণ হ’ল প্ৰতিজন দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিটো পৰিয়ালে যাতে যথাসম্ভৱ সোনকালে প্ৰতিটো সুবিধা পায় বিজেপিয়ে সেইটো বিচাৰে৷
জনসাধাৰণে বিজেপিকে ভোট দিয়াৰ কাৰণ হ’ল দেশৰ স্বাৰ্থত বৃহত্তম আৰু কঠোৰতম সিদ্ধান্ত লোৱাৰ ক্ষমতা বিজেপিৰ আছে৷’ গুজৰাট আৰু হিমাচল প্ৰদেশত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ কৃতিত্ব মোদীয়ে নিৰ্বাচন আয়োগক দিয়ে৷ তেওঁ লগতে কয়, ‘মই হিমাচল প্ৰদেশৰ ভোটাৰসকলকো ধন্যবাদ জনাইছোঁ৷ ’ মোদীয়ে কয় যে গুৰজাটৰ নিৰ্বাচনৰ ফলে প্ৰমাণ কৰিলে এখন উন্নত ভাৰতৰ বাবে সৰ্বসাধাৰণ লোকৰ ইচ্ছা কিমান শক্তিশালী৷
বাৰ্তাটোস্পষ্ট যে যেতিয়াই দেশখন প্ৰত্যাহ্বানৰ সন্মুখীন হয় তেতিয়াই জনসাধাৰণে বিজেপিৰ ওপৰত তেওঁলোকৰ বিশ্বাস স্থাপন কৰে৷ তাৰ পূৰ্বে, গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়ত বিজেপিৰ অগ্ৰগতিৰ লগে লগে প্ৰতিৰক্ষা মন্ত্ৰী তথা দলৰ প্ৰাক্তন সভাপতি ৰাজনাথ সিঙে কয় যে উপকূলীয় ৰাজ্যখনত শাসনত অধিষ্ঠিত দলটোৰ সপক্ষে বতাহ বলিছে৷
উল্লেখযোগ্য যে ৰাজ্যখনত বিজেপি প্ৰায় তিনিটা দশক শাসনত আছে৷ ইয়াত সাংবাদিকৰ আগত সিঙে কয়, ‘গুজৰাটত শাসনাধিষ্ঠিত চৰকাৰৰ সপক্ষে [প্ৰ’-ইনকামবেঞ্চি] মত দিয়া হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ৰাজ্যখনৰ জনসাধাৰণৰ অগাধ বিশ্বাস থকাৰ কাৰণে আমি এটা নতুন অভিলেখ সৃষ্টি কৰিছোঁ৷’
Comments