নতুন দিল্লী ঃ ৮ ডিচেম্বৰ ঃ গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনৰ ভোটগণনা আজি পুৱা আৰম্ভ হয়৷ গুজৰাটত বিজেপিয়ে নিজৰে পূৰ্বৰ অভিলেখ ভংগ কৰে আৰু একেৰাহে সপ্তমবাৰৰ বাবে ৰাজ্যখনৰ ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰে৷ আনহাতে, হিমাচল প্ৰদেশত বিজেপিৰ পৰাজয় হয় আৰু কংগ্ৰেছ ক্ষমতাত অধিষ্ঠিত হয়৷
বাতৰি লিখাৰ পৰলৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ বিধানসভাৰ ১৮২খন আসনৰ ভিতৰত বিজেপি ১৫৭খনত, কংগ্ৰেছ ১৭খনত আৰু আম আদমি পাৰ্টি [আপ] ৪খন আসনত আগবাঢ়ি আছে৷ চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৯২খন আসনৰ৷
ইফালে হিমাচল প্ৰদেশত ৬৮খন আসনৰ ভিতৰত কংগ্ৰেছ ৩৯খনত আৰু বিজেপি চ্ছখন আসনত আগবাঢ়ি কংগ্ৰেছ ৪০খনআৰু বিজেপিয়ে ২৫খন আসনত জয়লাভ কৰে৷ আপে এখনো আসন জয় নকৰিলে৷ অন্যান্য লাভ কৰে তিনিখন আসন৷
গুজৰাটত এই পৰ্যন্ত বিজেপিৰ এয়ে উত্তম প্ৰদৰ্শন৷ ইয়াৰ আগতে ১৯৮৫ চনৰ নিৰ্বাচনত ১৪৯খন আসনত জয়লাভ কৰি কংগ্ৰেছে অভিলেখ স্থাপন কৰিছিল৷ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এইবাৰ বিজেপিয়ে গুজৰাটত সৰ্বশক্তিৰে প্ৰচাৰ অভিযান চলাইছিল৷
প্ৰধানমন্ত্ৰীয়ে ৩০খনৰো অধিক নিৰ্বাচনী সভাত ভাষণ দিছিল৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে আহমেদাবাদৰ ঘাটোলদিয়া সমষ্টিত বিপুল ভোটত জয়লাভ কৰে৷ মুখ্যমন্ত্ৰী পেটেলে ১.৩৪ লাখৰো অধিক ভোটত জয়লাভ কৰে৷
গান্ধীনগৰ দক্ষিণ সমষ্টিত বিজেপিৰ অল্পেশ ঠাকুৰে, বিৰামগ্ৰামত বিজেপিৰ হাৰ্দিক পেটেলে জয়লাভ কৰে৷ বদগল সমষ্টিত কংগ্ৰেছৰ জিগনেশ মেৱানী আগবাঢ়ি আছে৷ খাম্ভালিয়া সমষ্টিত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইশুদান গাধৱিৰ পৰাজয় হয়৷
জামনগৰ সমষ্টিত ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী, বিজেপিৰ প্ৰাৰ্থী ৰিৱাবা জাদেজাই আৰু মৰবিত বিজেপিৰ প্ৰাৰ্থী কান্তিলাল অমৰুতিয়াই জয়লাভ কৰে৷ ভূপেন্দ্ৰ পেটেলে ১২ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিব৷ ২০১৭ চনৰ নিৰ্বাচনৰ ফলতকৈ এইবাৰ কংগ্ৰেছৰ ফল যথেষ্ট বেয়া৷
যোৱাবাৰ দলটোৱে লাভ কৰিছিল ৭৮খন আসন৷ এইবাৰ প্ৰায় ৬০খন আসন কমিল৷ প্ৰথমবাৰৰ বাবে গুজৰাটৰ ৰাজনীতিত প্ৰৱেশ কৰা আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ ভোট কাঢ়িলে৷ হিমাচল প্ৰদেশত দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’ব বুলি বিজেপিয়ে আশা কৰিছিল আৰু নিৰ্বাচন-পৰৱৰ্তী সমীক্ষাবোৰেও বিজেপিয়ে প্ৰত্যাৱৰ্তন কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল৷
কিন্তু সেইটো নহ’ল৷ নিৰ্বাচনৰ আগে আগে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত ভালেমান উন্ননয়মূলক প্ৰকল্প উদ্বোধন কৰিছিল৷ নিৰ্বাচনত মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে জয়লাভ কৰে৷ আম আদমি পাৰ্টিয়ে গুজৰাট বিধানসভা আৰু দিল্লী পৌৰ নিগমৰ নিৰ্বাচনত বেছি মনোনিৱেশ কৰিছিল আৰু হিমাচল প্ৰদেশত বৰ বেছি প্ৰচাৰ চলোৱা নাছিল৷
হিমাচল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা বীৰভদ্ৰ সিং ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে৷ মুকেশ অগ্নিহোত্ৰী আৰু সুখৱিন্দৰ সুখুও মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ৷ অৱশ্যে, চূড়ান্ত সিদ্ধান্ত ল’ব কংগ্ৰেছৰ হাইকমাণ্ডে৷ উল্লেখযোগ্য যে যোৱা ৩৭ বছৰত হিমাচল প্ৰদেশত শাসনত থকা কোনো দলে জয়লাভ কৰা নাই৷
প্ৰতি পাঁচ বছৰত দল সলনি হয়৷ যোৱা ৩৭ বছৰত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ক্ষমতা ভাগ হৈ আছে৷ যোৱা নিৰ্বাচনত [২০১৭] বিজেপিয়ে ৪৪খন আৰু কংগ্ৰেছে ২১খন আসন জয় কৰিছিল৷ চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩৫খন আসনৰ৷
আপে ৬৭খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এখন আসনো পোৱাৰ আশা নাই৷ হিমাচল প্ৰদেশত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাৰ লগে লগে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই পাৰ্বত্য ৰাজ্যখনত দলৰ প্ৰদৰ্শনত অৰিহণা যোগাইছে৷
নিৰ্বাচনৰ দলৰ বাবে তেওঁ ৰাজ্যখনৰ জনসাধাৰণ, দলৰ নেতা-কৰ্মীসকলক ধন্যবাদ জনায়৷ হিমাচল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কুলদীপ ৰাথোৰে ছিমলা জিলাৰ থেওগ সমষ্টিৰ পৰা জয়লাভ কৰে৷ তেওঁ বিজেপিৰ প্ৰাৰ্থী অজয় শ্যামক ৫২৬৮টা ভোটত পৰাজিত কৰে৷
ৰাথোৰে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পাছত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে আজি ৰাজ্যপালক পদত্যাগ-পত্ৰ দাখিল কৰে৷ তেওঁ কয় যে কিছুমান ‘সমস্যা’ আছিল যিবোৰৰ কাৰণে নিৰ্বাচনৰ ফলৰ দিশ সলনি হ’ল৷
ইফালে উত্তৰ প্ৰদেশৰ মেইনপুৰী লোক সভা সমষ্টিৰ উপ-নিৰ্বাচনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী ডিম্পল যাদৱে ২.৮৮ লাখ ভোটত জয়লাভ কৰে৷ মূলায়ম সিং যাদৱৰ মৃত্যুৰ বাবে সমষ্টিটোৰ আসনখন খালী হৈছিল৷ গুজৰাটত আপে এই পৰ্যন্ত পাঁচখন আসন জয় কৰা আৰু ভোট গণনা এতিয়াও চলি থকাৰ মাজতে আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে আপ এতিয়া এটা ৰাষ্ট্ৰীয় দল হ’ল৷
আপক ৰাষ্ট্ৰীয় দল হোৱাত সহায় কৰাৰ বাবে তেওঁ গুজৰাটৰ জনসাধাৰণ আৰু আপৰ কৰ্মীসকলক ধন্যবাদ জনায়৷ তেওঁ কয়, ‘গুজৰাটক বিজেপিৰ দুৰ্গ বুলি বিশ্বাস কৰা হয়৷ আমি প্ৰায় ১৩% ভোট লাভ কৰি সেই দুৰ্গ ভাঙিবলৈ সক্ষম হ’লোঁ৷ এই পৰ্যন্ত আমি প্ৰায় ৩৯ লাখ ভোট লাভ কৰিছোঁ আৰু ভোট গণনা চলি আছে৷ আমি অধিক ভোট পাম বুলি আশা কৰিছোঁ৷
’উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত হ’বলৈ হ’লে এটা দলে কমেও চাৰিখন ৰাজ্যত ৰাজ্যিক দলৰ স্বীকৃতি পাব লাগিব আৰু ৰাজ্যিক বিধানসভা এখনত ছয় শতাংশ ভোট বা দুখন আসন জয় কৰিব লাগিব বা ভোটৰ অংশ ছয় শতাংশতকৈ কম হ’লে তিনিখন আসন জয় কৰিব লাগিব৷
দিল্লী আৰু পঞ্জাবত আপৰ চৰকাৰ আছে৷ গোৱাত দলটোৱে ভোটৰ অংশ ছয় শতাংশ– দুখন আসনৰ চৰ্ত পূৰণ কৰি থৈছে৷ এতিয়া বিজেপিৰ বিপুল জয় হোৱা সত্ত্বেও গুজৰাটতো আপে ৰাজ্যিক দলৰ স্বীকৃতি পোৱাটো খাটাং৷ আন এটা চৰ্ত হ’ল যে কমেও তিনিখন ৰাজ্যত লোক সভাৰ দুই শতাংশ আসন থকা দল এটাই ৰাষ্ট্ৰীয় দলৰ স্বীকৃতি পাব পাৰে৷ অৰ্থাৎ ১১খন আসন থাকিব লাগিব কিন্তু লোক সভাত আপৰ এজনো সাংসদ নাই৷ ৰাজ্য সভাতহে দুজন আছে৷
Comments