গুৱাহাটী, ৯ ডিচেম্বৰঃ ভাৰতৰ পৰা বহু সংখ্যক লোক কানাডাত বাস কৰে। বিশেষকৈ পঞ্জাৱী সম্প্ৰদায়ৰ লোকৰ সংখ্যা সৰ্বাধিক। ইয়াৰে বহুতো লোক তাত ৰাজনীতিত সক্ৰিয়, কিন্তু এতিয়ালৈকে কোনেও ডাঙৰ মন্ত্ৰালয়ত পদবী লাভ কৰা নাই। কিন্তু পঞ্জাৱ মূলৰ ৰচনা সিঙে এই বিশেষ সাফল্য অৰ্জন কৰিছে।
ৰচনা সিঙে কানাডাৰ ব্ৰিটিছ কলম্বিয়া ৰাজ্যত প্ৰথম দক্ষিণ এছিয়াৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস সৃষ্টি কৰিছে। তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ, তেওঁক শিক্ষা আৰু শিশু কল্যাণ মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে। মো চিহোতাৰ পিছত তেওঁ দ্বিতীয় গৰাকী পঞ্জাৱী হোৱাৰ লগতে এনে গুৰুত্বপূৰ্ণ পদত নিযুক্ত হোৱা প্ৰথম দক্ষিণ এছিয়াৰ মহিলা হিচাপে বিবেচিত হৈছে।
ইপিনে, ৰচনা সিঙে এই সন্দৰ্ভত কয় যে, "মই চৰকাৰৰ অংশ হ'বলৈ পায় গৌৰৱান্বিত যি জনসাধাৰণৰ কথা শুনে আৰু তেওঁলোকৰ যত্ন লয়। আমি সকলোৰে বাবে বিনামূলীয়া আৰু সুলভ শিক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ চৰকাৰে ২০১৭ চনৰ পৰা শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন দিশত বিনিয়োগ কৰি আহিছে আৰু অনাগত বছৰবোৰত এই কাম অব্যাহত ৰাখিব। শিক্ষকৰ পৰিয়ালৰ পৰা আহি আৰু অতীতত বৰ্ণবাদ বিৰোধী কাম কৰাৰ পিছত, শ্ৰমিক শ্ৰেণীৰ শিশু আৰু দৃশ্যমান সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে মোৰ বহুত বুজাবুজি আছে।"
Comments