Cartoon
View Older
গুৱাহাটী,৯ ডিচেম্বৰ:বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে দিপাংক নাথে।ব্যক্তিগত কাৰণত আছু ত্যাগ কৰা বুলি উল্লেখ কৰা দিপাংক নাথৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি চৰ্চা চলাৰ সময়তে এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত কিছু কথা ক’লে দিপাংক নাথে।
সংবাদ মাধ্যমটোক জনোৱা মতে, অহা ১৫ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ব আছুৰ সদ্য পদত্যাগী সভাপতি দিপাংক নাথে।তেওঁৰ কইনা হৈছে গুৱাহাটী নিৱাসী ড০ ৰূপা হাজৰিকা।পেছাত এগৰাকী শিক্ষয়িত্ৰী ৰূপা হাজৰিকাৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ ওলাইছে দিপাংকই।তেওঁ স্পষ্টভাৱে নক’লেও এনে কাৰণতে তেওঁ আছু ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সন্দেহ কৰা হৈছে।
Comments