গুৱাহাটী,৯ ডিচেম্বৰ:বদৰুদ্দিন আজমলৰ চুমাই কাল হ’ল এজন কংগ্ৰেছ নেতাৰ।বদৰুদ্দিন আজমলৰ এটা চুমাৰ বাবেই দলৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ’ল কংগ্ৰেছৰ এজন নেতা। কামৰূপ গ্ৰাম্যৰ সোণতলী-টুপামাৰী জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক বহিষ্কাৰ।৬ বছৰৰ বাবে বহিষ্কাৰৰ জাননী প্ৰেৰণ কৰা হৈছে ছাহজাহান আলীলৈ৷
উল্লেখযোগ্য যে,৭ ডিচেম্বৰত বদৰুদ্দিন আজমলে কাছুমাৰাত আয়োজিত জন সমাৱেশত অংশ গ্ৰহণ কৰিবলৈ গৈ থকাৰ সময়ত সোণতলীস্থিত ছাহজাহান আলীৰ ঘৰত উপস্থিত হৈ চাহ-জলপান খাই ছাহজাহান আলীৰ সৈতে এক বিশেষ বৈঠকত বহিছিল৷বৈঠকৰ অন্তক ছাহজাহানক ৰাজহুৱাভাৱে চুম্বন কৰিছিল বদৰুদ্দিন আজমলে৷
তাৰ পিছতেই সমগ্ৰ কংগ্ৰেছ মহলত জোকৰণিৰ সৃষ্টি হৈছিল৷পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে জিলা পৰিষদৰ সদস্য ছাহজাহান আলীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰে৷অৱশ্যে কি কাৰণত কংগ্ৰেছী নেতাজনক বহিষ্কাৰ কৰা হৈছে সেই সম্পৰ্কে বহিষ্কাৰৰ জাননীখনত উল্লেখ নাই৷
Comments