গুৱাহাটী,৯ ডিচেম্বৰ:সৰ্থেবাৰীত শৈক্ষিক নৱজাগৰণ সৃষ্টিৰ উদ্দেশ্যেৰে গঢ় লৈ উঠা বেচৰকাৰী অনুষ্ঠান সংকল্পৰ উদ্যোগত আয়োজন কৰা বুদ্ধি পৰীক্ষা-২০২২ ৰ আজি সফল পৰিসমাপ্তি ঘটে ।ৰাষ্ট্ৰীয় মানসিক যোগ্যতা পৰীক্ষণ পৰীক্ষাৰ আধাৰত আয়োজন কৰা এই পৰীক্ষা মূলতঃ সৰুক্ষেত্ৰী অঞ্চল ভিত্তিত আয়োজন কৰা হৈছিল । আজি ৰাতিপুৱা ৯ বজাৰ পৰা ১০ বজালৈ প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ২০০ ৰো অধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।
সৰ্থেবাৰী জাতীয় বিদ্যালয়,সৰ্থেবাৰী ছোৱালী হাইস্কুল,সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,গহিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, সৰুক্ষেত্ৰী হাইস্কুল,বৰঘোপা হাইস্কুল, আমৃখোৱা আদৰ্শ হাইস্কুল, নৱজ্যোতি হাইস্কুল,মিলন হাইস্কুল, লখোপুৰ,শোলমাৰা হাইস্কুল আৰু বঞ্চিত চৌধুৰী শঙ্কৰদেৱ শিশু নিকেতন, সৰ্থেবাৰীৰ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰে ।
এই পৰীক্ষাৰ এগৰাকী মূল উদ্যোক্তা তথা নলবাৰীৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই কয় যে অইন জিলাতকৈ ৰাষ্ট্ৰীয় মানসিক যোগ্যতা পৰীক্ষণ পৰীক্ষাক লৈ আমাৰ অঞ্চলত সজাগতাৰ যঠেষ্ট অভাৱ । এইবাৰ আমি এই বুদ্ধি পৰীক্ষা অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্যই হৈছে আগন্তুক ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল মিন-কাম-মেৰিট স্ক'লাৰশ্বিপ টেষ্ট । স্মৰ্তব্য যে এই পৰীক্ষাটো কেৱল অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়েহে দিব পাৰিব । আমিও আজিৰ প্ৰশ্নকাকত খন তাৰ নিৰ্ধাৰিত চিলেবাছ অনুযায়ী প্ৰস্তুত কৰিছোঁ । এই প্ৰশ্নকাকত খনত আছিল গণিত, যুক্তিজ্ঞান, সাধাৰন জ্ঞান, বিজ্ঞান আৰু সমাজ অধ্যয়নৰ ৫০ টা প্ৰশ্ন । এনেধৰণৰ পৰীক্ষাই পৰীক্ষাৰ্থী সকলৰ মনত প্ৰতিযোগিতামূলক পৰীক্ষাক লৈ থকা ভয় যথেষ্ট কম কৰিব । পৰীক্ষাটো সূচাৰুৰূপে চলাই নিয়াত বিশেষ ভাৱে সহায় কৰিছিল সংকল্পৰ সক্ৰিয় সদস্য হিমাংশু ডেকা, ৰাহুল ডেকা, মৃন্ময় পাঠক আৰু তেজস কোচিং চেন্টাৰ,সৰ্থেবাৰীৰ সঞ্চালক ভাৰ্গৱ তামুলীয়ে।
Comments