গুৱাহাটী,৯ ডিচেম্বৰ: পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অসম ৰাজ্যিক চিৰিয়াখানা৷গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা নিশা সংগোপনে ডি এফ অ’ৰ নেতৃত্বত আম্বানীৰ চিৰিয়াখানালৈ বন্যপ্ৰাণী লৈ যোৱাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দুখন ট্ৰাক আৰু তিনিখন সৰু গাড়ীত অসংখ্য আপুৰুগীয়া বন্যপ্ৰাণী চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ লৈ যোৱা হৈছে৷ চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সদস্যই বাধা দিয়াত চিৰিয়াখানাৰ ডি এফ অ’ গৰাকীয়ে তেওঁলোকৰ গাৰ ওপৰেৰে গাড়ী চলাই নিবলৈ উদ্যত হোৱাৰ লগতে মহিলা সদস্যক দুব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷
জানিব পৰা মতে কালি নিয়া বন্যপ্ৰাণী সমূহ হৈছে ক্ৰমে নটা প্ৰজাতিৰ বান্দৰ, দুটা গড়ৰ পোৱালি, কেইবাটাও হৰিন৷ জানিব পৰা বহু বন্যপ্ৰাণী পুনৰ নিবলৈ সাজু কৰি ৰখা হৈছে৷ ইয়াৰ পূৰ্বেও একাধিক বন্যপ্ৰাণী চিৰয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ নিয়া হৈছে৷ এই সন্দৰ্ভত চিৰিয়াখানা সুৰক্ষা মঞ্চ আৰু স্থানীয় ৰাইজে বাধা দি অহাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও এইক্ষেত্ৰত চৰকাৰৰ লগতে দায়িত্বশীল বন মন্ত্ৰী গৰাকীয়ে চৰম নিৰৱতা অৱলম্বন কৰিছে৷যাৰ বাবে চিৰিয়াখানা আইন উলংঘা কৰি এনেদৰে এখন চৰকাৰী চিৰিয়াখানাৰ পৰা আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ বন্যপ্ৰাণী সৰবৰাহ কৰা কাৰ্যত একপ্ৰকাৰ ৰহস্যৰ সৃষ্টি হৈছে৷
উল্লেখযোগ্য যে, উত্তৰ-পূবৰ ভিতৰতে এখন গুৰুত্বপূৰ্ণ চিৰিয়াখানা হিচাপে পৰিচিত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখনৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ তথা বন বিভাগে হেমাহি কৰি আহিছে৷ বাৰে বাৰে বিতৰ্কৰ মাজত সোমাই পৰিছে অসম ৰাজ্যিক চিৰিয়াখানা৷প্ৰতিবছৰে চিৰিয়াখানাক লৈ নতুন নতুন বিতৰ্কৰ সূত্ৰপাত হয় আৰু এটা নিৰ্দিষ্ট সময়ৰ পাছত ৰহস্যজনকভাৱে এই সকলোবোৰ বিতৰ্কৰ অৱসান হয়৷বিশেষকৈ অসম ৰাজ্যিক চিৰিয়াখানত পশু-পক্ষীৰ সুৰক্ষাৰ বিপৰীতে কি চলিছে, সেইক্ষেত্ৰত অধিক ৰহস্যৰ সৃষ্টি হৈছে৷চিৰিয়াখানাৰ উন্নয়নৰ নামত চৰকাৰ তথা চিৰিয়াখানা কৰ্তৃপক্ষই প্ৰকৃততে কিমান টকা খৰচ কৰে, সেইক্ষেত্ৰতো সন্দেহৰ সৃষ্টি হৈ আহিছে৷
অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়া একপ্ৰকাৰ মৃত্যুঘণ্টা বাজিছে৷ চিৰিয়াখানাখনৰ উন্নয়নৰ দিশটো বাদেই, খোদ চিৰিয়াখানাখনত সুৰক্ষা নাই পশু-পক্ষীৰ৷ চিৰিয়াখানাখনত পশু-পক্ষীৰ অভাৱৰ বিপৰীতে যিকেইটা পশু-পক্ষী আছে সেইকেইটাৰো অধিকাংশই প্ৰতিবছৰে মৃত্যু হৈ পশু-পক্ষীৰ সংখ্যা হ্ৰাস পাই আহিছে৷ বছৰি কোটি কোটি টকা লাভ কৰি অহাৰ পাছতো বন বিভাগ তথা চিৰিয়াখানা কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই মৃত্যুমুখত পৰিছে অসংখ্য পশু-পক্ষী৷ ইয়াৰ হিচাপ কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষই সদায়েই গোপন কৰি থয়৷ চিৰিয়াখানাৰ পশু-পক্ষীক পচা মাংস আৰু নিম্নমানৰ খাদ্য দিয়া বুলিও বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷
চিৰিয়াখানাত উপযুক্ত আৰু দক্ষ পশু-পক্ষী চিকিৎসকৰ অভাৱৰ বাবেই কোনো পশু-পক্ষী ৰোগত আক্ৰান্ত হ’লেই মৃত্যুমুখত পৰিবলগীয়া হয়৷ চিৰিয়াখানাত পশু-পক্ষীৰ সুৰক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত বন বিভাগ আৰু চিৰিয়াখানা কৰ্তৃপক্ষই চূড়ান্ত অৱহেলা কৰি আহিছে৷ কিন্তু সকলো জানি-শুনিও ৰহস্যজনক মৌনতা বন মন্ত্ৰীৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষৰ৷ কিয় চিৰিয়াখানাখনৰ বিষয়ে উত্থাপন হোৱা অভিযোগ আৰু বিতৰ্কৰ উত্তৰ দিবলৈ চৰকাৰৰ বন বিভাগ তথা চিৰিয়াখানা কৰ্তৃপক্ষই সাহস নকৰে, সেইক্ষেত্ৰত প্ৰশ্নৰ সৃষ্টি হৈছে৷
Comments