সোণাৰি, ৯ ডিচেম্বৰঃ চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত আৰু অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, চৰাইদেউৰ সহযোগত মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে হোৱা লিংগ ভিত্তিক অসমতা তথা হিংসা দূৰীকৰণৰ সন্দৰ্ভত আজি সোণাৰিত জিলা পৰ্যায়ৰ এক সমদল উলিওৱা হয়।
জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সমদলৰ ফ্লেগ অফ কৰি উপায়ুক্ত পল বৰুৱাই কয় যে, মহিলা তথা ছোৱালীৰ সবলীকৰণ আৰু সুৰক্ষাৰ বাবে বৰ্তমান চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ উপৰিও বহুতো আইন প্ৰণয়ন কৰিছে। তেওঁ আৰু কয় যে, এনেধৰণৰ সজাগতাৰ জৰিয়তে সমাজৰ পৰা অসমতা আৰু হিংসা দূৰ কৰিব পৰা যাব।
অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ নিৰ্দেশমৰ্মে ইতিমধ্যে এক ১৬ দিনীয়া কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশৰূপে জিলাখনৰ চাৰিওটা সংহত শিশু উন্নয়ন প্ৰকল্পত সজাগতা সভা, সমদল আদি অনুষ্ঠিত কৰি অহা হৈছে।
জিলা পৰ্যায়ত আয়োজিত আজিৰ সমদল কাৰ্যসূচীত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামী, জিলাখনৰ চাৰিওটা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া ক্ৰমে মিৰান্দা সোণোৱাল, প্ৰিয়ংকা টাইদ, মৌচুমী গগৈ আৰু সুপ্ৰিয়া বৰদলৈ, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জিলা কাৰ্যক্ৰম সমন্বয়ক নৱজ্যোতি গগৈ, জিলা সহায়ক জয়ন্ত কুমাৰ গগৈ, পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱা, জিলা সহায়ক মৌচুমী চুতীয়া, জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক পবন দেউৰী, সখী-একক অৱস্থান কেন্দ্ৰৰ কৰ্মচাৰীবৃন্দ, অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, চৰাইদেউৰ বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক জীৱিকা-সখী আৰু অংগনবাড়ী কৰ্মী-সহায়িকা উপস্থিত থাকে।
Comments